নাজিৰা মহকুমা প্ৰশাসনৰ বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এখন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰে ।

 নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু নাজিৰা মহকুমা পুথিভঁৰালৰ সহযোগত বীৰ সেনানায়ক লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি আজি নাজিৰা মহকুমা পুথিভঁৰালত জাতীয় নায়ক গৰাকীৰ এখন প্ৰতিচ্ছবি নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে উন্মোচন কৰে। 

উন্মোচন কাৰ্যসূচীৰ আৰম্ভণিতে মহকুমাধিপতিয়ে বন্তি প্ৰজ্বলন কৰি সাহস আৰু বীৰত্বৰ চানেকিৰে অনুপ্ৰাণিত কৰি অহা সাহসী সেনানায়ক গৰাকীক স্মৰণ কৰি সেৱা আগবঢ়ায়। 

উক্ত অনুষ্ঠানত নাজিৰা মহকুমা প্ৰশাসনৰ সকলো উচ্চ পদস্থ বিষয়া তথা কৰ্মচাৰী সকল, বিভিন্ন বিভাগৰ বিষয়া - কৰ্মচাৰী সকল, নাজিৰাৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। 

ইয়াৰ পিছতেই অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত লাচিত বৰফুকন বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়। নাজিৰা বৰবৰুৱা পুখুৰী পাৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত নাজিৰা মহকুমাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। 

দিল্লী পাব্লিক স্কুলৰ চিত্ৰকলাৰ শিক্ষক বিজয় গগৈ, জৱাহৰ নৱোদয় বিদ্যালয়ৰ চিত্ৰকলাৰ শিক্ষক নৱজ্যোতি গগৈ আৰু নাজিৰাৰ চিত্ৰ শিল্পী আলি হাইদৰে বিচাৰকৰ আসনত উপবিষ্ট থকা চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে দিল্লী পাব্লিক স্কুলৰ স্পন্দন দাসে, দ্বিতীয় স্থান লাভ কৰে মাৰ্কাজ একাডেমীৰ ৱাচিম হুছেইনে, তৃতীয় স্থান লাভ কৰে দিল্লী পাব্লিক স্কুলৰ মনময়ুশ চেতিয়াই, চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰে জৱাহৰ নৱোদয় বিদ্যালয়ৰ ভাস্কৰ বৰগোহাঁই আৰু শৰ্ষজিত বৰাই আৰু ষষ্ঠ স্থান লাভ কৰে মাৰ্কাজ একাডেমীৰ মধুমিতা বৰগোহাঁইয়ে।