ৰাজ্যৰ মাতৃভাষাৰ বিদ্যালয়ত ইংৰাজীত পাঠদানক লৈ ৰাজ্যত তুমুল প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে।

তৃতীয় শ্ৰেণীৰ পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী শিক্ষাই শিক্ষাৰ্থীসকলক লাভান্নিত কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

তেওঁ কয়, ‘এই ব্যৱস্থাই অসমীয়া ভাষাৰ কোনো ক্ষতি নকৰে। বৰং ই উপকৃতহে কৰিব অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহক। অসমীয়া মাধ্যমৰ কোনো বিদ্যালয় বন্ধ নহয়’।

কিছুমানে নতুন শিক্ষা ব্যৱস্থাক লৈ আতংকৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি মন্ত্ৰী পেগুৱে ৰাজ্যৰ দল-সংগঠনক আলোচনাৰ বাবে আহিবলৈ আহ্বান জনায়।