নুমলীগড়ৰ জনাঞ্চলত মুক্ত বিচৰণ বন্যহস্তীৰ বৃহৎ জাক,বিবুধিত জনতা ।

নুমলীগড়ৰ পাৰ্বতীপুৰৰ দৃশ্য এইয়া। মানুহৰ ঘৰৰ পদূলিত হাতীৰ জাকৰ বিচৰন । সৃষ্টি হয় আতংকময় পৰিৱেশৰ । বনাঞ্চল সংকুচিত হোৱাৰ ফলত জনাঞ্চলত এতিয়া মুক্ত বিচৰণ হাতীৰ জাকৰ । সমীপৰ বৃহৎ অঞ্চলত শালিধানৰ পথাৰ তহিলং কৰি অঞ্চলটোৰ বহু লোকৰ বাৰীৰ ফচল নষ্ট কৰে । বহু লোকেই নিশা উজাগৰে পাৰ কৰে বন্যহস্তীৰ বাবে। হৈ হাল্লা কৰি,পেপা বজাই ৰাইজে হাতী খেদিব লগা হয় । উল্লেখ্য যে যোৱা বহুকেইটা দিন ধৰি হাতীৰ বৃহৎ জাকে বৃহৎ অঞ্চলত বাহৰ পাতি নিতৌ এখন গাঁৱৰ পৰা আন এখন গাঁৱত সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত বিবুধিত পৰিছে জনতা।