৭০ উৰ্দ্ধৰ এজন সাধাৰণ ব্যক্তিৰ অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন। ৫০ কেজি ওজন দাঁতেৰে কামুৰি দাঙি, মুখেৰে ইটা চোবাই গুৰি কৰি, এটা আঙুলিৰে চাইকেল দাঙি চমক সৃষ্টি কৰিছে ব্যক্তিজনে৷

টিংখাঙৰ নখাট পুৰনি গাঁৱৰ উমা সোনোৱাল নামৰ ব্যক্তিজনে আপুনি- মই কৰিব নোৱাৰা আৰু বহুতো অদ্ভুত কামেই অনায়াসে কৰিব পাৰে। বিশেষ ভংগীমাৰে কোৰ দাঙি কৰিব পাৰে শক্তি প্ৰদৰ্শন। শেহতীয়াকৈ নিজা গাঁৱত তেঁওৰ প্ৰতিভা প্ৰদৰ্শন কৰি দৃষ্টি আকৰ্ষন কৰিছে সকলোৰে। ব্যক্তিজনে নিজৰ প্ৰতিভাৰে সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। উমা সোনোৱাল পেছাত এজন পকা ৰাজমিষ্টি।

কামৰ মাজতে সময় উলিয়াই অনুশীলন অব্যাহত ৰাখিছে ব্যক্তিজনে৷ ৰাইজৰ সহায় সহযোগিতা লাভ কৰিলে আগলৈ উমা সোনোৱালে আৰু বিভিন্ন নতুন খেল প্ৰদৰ্শন কৰিব বুলি অৱগত কৰিছে। তেওঁৰ এই অসাধাৰণ কাৰ্যৰ শলাগ লৈছে সকলোৱে ৷ চচিয়েল মিডিয়াটো ব্যাপক চৰ্চিত হৈ পৰিছে লোকজন।