সোণাৰিত সত্ৰীয়া সংস্কৃতি দিৱস পালন

সত্ৰীয়া সংস্কৃতি দিৱসৰ লগত সংগতি ৰাখি সোণাৰি লাচিত নগৰ প্ৰেক্ষাগৃহত প্ৰজ্ঞানৃত‍্যম কলাকেন্দ্ৰৰ সত্ৰীয়া দিৱস পালন।

চৰাইদেউ জিলাৰ আগশাৰীৰ সত্ৰীয়া নৃত্যৰ শিক্ষা অনুষ্ঠান হৈছে প্ৰজ্ঞানৃত‍্যম কলাকেন্দ্ৰ। এই কলাকেন্দ্ৰৰ অধ‍্যাপিকা পৰষমণি বড়াই বিভিন্ন সময়ত বিভিন্ন দিশত বিভিন্ন অঞ্চলত ছাত্ৰ ছাত্ৰীৰ মাজত সত্ৰীয়া নৃত্য , ঘোৰ তাল নৃত‍্য , দশৱতা নৃত্য আদি কৰি বিভিন্ন নৃত্যৰ ওপৰত কৰ্মশালাৰ জৰিয়তে শিক্ষা প্ৰদান কৰি ছাত্র ছাত্ৰীৰ দ্বাৰা নৃত্য সমূহ উপস্থাপন কৰি ৰাইজৰ পৰা সু-নাম কঢ়িয়াই আনিছে । গতিকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰীয়া নৃত্য সাস্ত্ৰীয় নৃত‍্যলৈ সৃষ্টি হোৱাত সোণাৰি প্ৰজ্ঞানৃত‍্যম কলাকেন্দ্ৰই সত্ৰীয়া দিৱসৰ লগত সংগতি ৰাখি আজি সোণাৰি লাচিত নগৰ প্ৰেক্ষাগৃহত ছাত্র ছাত্ৰীৰ দ্বাৰা এটি সুমধুৰ সত্ৰীয়া নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত কৰে । এই অনুষ্ঠানত সোণাৰি সমষ্টিৰ ভালে সংখ্যক বিশিষ্ট ব‍্যক্তিৰ লগতে স্থানীয় ৰাইজ অভিভাৱক অভিভাৱিকা সকল উপস্থিত থাকি অনুষ্ঠান ভাগি সুচাৰুভাৱে অনুষ্ঠিত হয়।