মহাবীৰ লাচিত বৰফুকনৰ বীৰ গাঁথাৰ বিষয়ে দেশৰ প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ৰে পাঠ্যক্ৰমত সন্নিবিষ্ট কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মহাবীৰ লাচিতৰ শৌর্য-বীর্য, স্বদেশপ্রেম তথা অসমৰ ইতিহাসৰ এই গৌৰৱময় অধ্যায়ৰ বিষয়ে অৱগত কৰাৰ স্বাৰ্থত দেশৰ সকলো বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত তেওঁৰ বিষয় সন্নিবিষ্ট কৰিব লাগে বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিখন ৰাজ্যৰে মুখ্যমন্ত্ৰীসকলক পত্ৰ প্ৰেৰণ কৰিছে।

এইবাৰ চলিত বৰ্ষ ২০২২ চন হৈছে সেই বীৰগৰাকীৰ ৪০০ তম জন্মজয়ন্তী বৰ্ষ। সেই বীৰ যোদ্ধাৰ বৰ্ণিল ইতিহাস কেৱল অসমৰ চাৰিসীমাৰ মাজতে সীমাবন্ধ নাথাকি দেশৰ সকলো পাঠ্যক্ৰমতেই ইয়াক অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আন মুখ্যমন্ত্ৰী সকললৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা অনুসৰি, লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু জন্মভূমিৰ প্ৰতি থকা মনোভাৱ আৰু ত্যাগ আজিৰ নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস। 

সেয়ে তেখেতৰ এই ৪০০ তম জন্মজয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি দেশৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে জানিব পৰাকৈ বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যত লাচিত বৰফুকনৰ বিষয়ে বিতংভাৱে অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনায়।