চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষীথানাৰ অন্তৰ্গত বটামৰাস্থিত অইল ইণ্ডিয়া লিমিটেড নিজৰ মইমতালি কৰি  অইল ইণ্ডিয়াই স্কুল বাচ সেৱা বন্ধ কৰি দিয়াৰ ফলত দাঁতি কাষৰীয়া ঠাইৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগা হৈছে ৷ যদিওবা একাংশই চাইকেল বা আন বাহনত আহিছে যদিও জটিল সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল৷ অইল কতৃপক্ষই মৰাণ অইল ইণ্ডিয়া বিদ্যালয়ৰ স্কুল বাচ বন্ধ কৰি ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰাক লৈ আজি স্থানীয় ৰাইজ ক্ষোভিত হৈ মৰাণৰ অইল ইণ্ডিয়াৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

যাৰ বাবে বহু সময় অইলৰ কাম কাজ স্তব্ধ হৈ পৰে। উল্লেখযোগ্য যে পূৰ্বেও দুবাৰকৈ অইল ইণ্ডিয়াৰ কতৃপক্ষক এই বিষয়ে ৰাইজে অবগত কৰিছিল যদিও কোনো লাভজনক উত্তৰ ৰাইজে লাভ নকৰাত আজি এনে প্ৰতিবাদী কাৰ্যসূচী লবলৈ বাধ্য হয় বুলি জানিব দিয়ে স্থানীয় ৰাইজে। এই প্ৰতিবাদী কাৰ্যসূচীত মৰাণ অইলৰ প্ৰশাসনিক বিষয়া কানু চাহু উপস্থিত হয় যদিও ৰাইজে জবাবদিহি কৰে বিষয়াগৰাকীক। পিছত বিষয়া গৰাকীয়ে এই সন্দৰ্ভত সমাধানৰ বাবে এসপ্তাহৰ সময় লিখিত ভাবে বিচাৰে আৰু প্ৰতিবাদৰ কিছু শাম কাটে যদিও সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদানৰ পৰা বিৰত থাকে। লগতে ৰাইজে অইল ইণ্ডিয়াৰ কতৃপক্ষই নিজৰ সিধান্ত বাতিল নকৰে তীব্ৰ প্ৰতিবাদৰ সন্মুখিন হব লাগিব বুলি সিয়নী প্ৰদান কৰে।