সোণাৰিত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত। সোণাৰি নগানদী বনগাঁৱত বনৰীয়া হাতীৰ গচকত থিতাতে নিহত এজন। 

সোণাৰিত বনগাওঁত বনৰীয়া হাতীৰ আক্ৰমণত ড'নাল্ড মুণ্ডা নামৰ এজন নিহত।

চৰাইদেউ জিলাৰ সোণাৰি নগানদী বনগাঁৱৰ ড'নাণ্ল্ড মুণ্ডা নামৰ এজন প্ৰায় ৪৫ বছৰীয়া ব‍্যক্তিক বনৰীয়া হাতীৰ গচকত থিতাতে নিহতহয় । খৰি বুটলিবলৈ যাওঁতেই বনৰীয়া হাতীয়ে আক্ৰমণ কৰে ড'ণাল্ড মুণ্ডাক। ঘটনা স্থলিত সোণাৰি আৰক্ষী উপস্থিত হয় যদিও ঘটনাৰ বহু সময়ৰ শেষত বন বিভাগৰ লোকসকল ঘটনাস্থলিত উপস্থিত হয় । স্থানীয় ৰাইজৰ অভিযোগ বন বিভাগৰ চৰম হেমাহীৰ বাবে বিগত সময়ত অঞ্চলটোত হাতী মানুহৰ সংঘাটৰ দৰে ঘটনা সংঘটিত হৈ আহিছে।