মাজুলীৰ অন্যতম আধ্যাত্মিক উৎসৱ ৰাসোৎসৱক লৈ বিগত তিনিদিন ধৰি সমগ্ৰ মাজুলীতে এক উচৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। দেশী-বিদেশী পৰ্যটকৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অগনন লোকে উপভোগ কৰিলে শ্ৰী শ্ৰী কৃষ্ণৰ সম্পুৰ্ণ ৰাসলীলা। উল্লেখ্য যে জাতি-জনগোষ্ঠীৰ মিলনভূমি মাজুলীৰ বিভিন্ন সত্ৰ, নামঘৰ, ৰংগমঞ্চসমূহত পূৰ্বৰ পৰম্পৰা অটুত ৰাখি লক্ষী পূৰ্ণিমাতে শৰাই নৈবেদ্য আগবঢ়াই নাটক মেলা পৰ্ব আৰম্ভ কৰি শিশুৰ পৰা বৃদ্ধলৈকে জড়িত হৈ পৰে ৰাসৰ আখৰাত। সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীৰ সত্ৰ, নামঘৰৰ লগতে এইবাৰ ৬১ টা ৰংগমঞ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাসোৎসৱ ৯ নৱেম্বৰ তাৰিখে উচৱমুখৰ পৰিবেশৰ মাজেৰে সামৰণী পৰে। মাজুলীৰ বিভিন্ন সত্ৰ, ৰংগমঞ্চৰ দৰে উজনি মাজুলীৰ নতুন বজাৰস্থিত ৰংগমঞ্চতো তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাসোৎসৱ কালি সামৰণী পৰে। অৱশ্যে কোনো কোনো ৰংগমঞ্চত আজিও ৰাসলীলা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে৷ বিশেষকৈ জাতি-জনগোষ্ঠীৰ সমন্বয়-সম্প্ৰীতিৰ এনাজৰীৰ বান্ধোনেৰে সন্মিলিত প্ৰচেষ্টাত নতুন বজাৰ ৰাস কমিটিয়ে প্ৰতি বছৰে উদ্ যাপন কৰি অহাৰ দৰে এইবছৰো শেষৰ দিনা মিচিং ভাষাত অনুষ্ঠিত কৰা শ্ৰী শ্ৰী কৃষ্ণৰ সম্পুৰ্ণ ৰাসলীলাই হাজাৰ হাজাৰ দৰ্শকক সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে উজনি মাজুলী নৱজ্যোতি ৰংগমঞ্চতো (পানীখাতি) ৭, ৮ আৰু ৯ নৱেম্বৰত তিনিনীয়াকৈ ৰাসোৎসৱ উদ্ যাপন কৰে। তিনিদিনীয়াকৈ আয়োজন কৰা ৰাসোৎসৱত মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীয়ে প্ৰথম দিনা দৈৱকী আৰু দ্বিতীয় দিনা যশোদাৰ ভাৱত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰে। আধ্যাত্মিক চেতনা আৰু অত্যাধুনিক কলা-কুশলীৰ সমাহাৰেৰে ৰাসোৎসৱৰ সময়চোৱাত সমগ্ৰ মাজুলী হৈ পৰে গকুল-বৃন্দাবন সদৃশ। উল্লেখ্য যে পৰম্পৰা আৰু ঐতিহ্য অটুত ৰাখি একতাৰ এনাজৰীৰে প্ৰতি বছৰে পালন কৰি অহা ৰাসোৎসৱে মাজুলীক বিশ্ববাসীৰ ওচৰত কেৱল চিনাকী কৰাই দিয়াই নহয় প্ৰেম-ভাতৃত্ববোধৰ এক সুকীয়া মাত্ৰাও প্ৰদান কৰি আহিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আমিন গাঁৱত ৰাষ্ট্ৰীয় মানদণ্ডৰ গল্ফ খেল পথাৰ মুকলি
আমিন গাঁৱত ৰাষ্ট্ৰীয় মানদণ্ডৰ গল্ফ খেল পথাৰ মুকলি । উত্তৰ পুৱ ৰেল'ৱেৰ মহা প্ৰবন্ধক আঞ্চুল...
જેસર ના પીપરડી ગામે પશુઓમાં વધુ લમ્પી વાયરસના લક્ષણો જોવા મળ્યા
જેસર ના પીપરડી ગામે પશુઓમાં વધુ લમ્પી વાયરસના લક્ષણો જોવા મળ્યા
10 हजार रुपये की Down Payment के बाद घर ला सकते हैं TVS Radeon बाइक, पढ़ें पूरा फाइनेंस प्लान
भारत की प्रमुख दो पहिया वाहन निर्माता TVS की ओर से एंट्री लेवल बाइक सेगमेंट में Radeon को ऑफर...
એક સાથે 4 સિસ્ટમ સક્રિય થતાં વરસાદની હવામાન વિભાગની આગાહી
એક સાથે 4 સિસ્ટમ સક્રિય થતાં વરસાદની હવામાન વિભાગની આગાહી ગુજરાતીઓને ગરમીથી જલ્દી જ રાહત મળવાની...