মাজুলীৰ অন্যতম আধ্যাত্মিক উৎসৱ ৰাসোৎসৱক লৈ বিগত তিনিদিন ধৰি সমগ্ৰ মাজুলীতে এক উচৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। দেশী-বিদেশী পৰ্যটকৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অগনন লোকে উপভোগ কৰিলে শ্ৰী শ্ৰী কৃষ্ণৰ সম্পুৰ্ণ ৰাসলীলা। উল্লেখ্য যে জাতি-জনগোষ্ঠীৰ মিলনভূমি মাজুলীৰ বিভিন্ন সত্ৰ, নামঘৰ, ৰংগমঞ্চসমূহত পূৰ্বৰ পৰম্পৰা অটুত ৰাখি লক্ষী পূৰ্ণিমাতে শৰাই নৈবেদ্য আগবঢ়াই নাটক মেলা পৰ্ব আৰম্ভ কৰি শিশুৰ পৰা বৃদ্ধলৈকে জড়িত হৈ পৰে ৰাসৰ আখৰাত। সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীৰ সত্ৰ, নামঘৰৰ লগতে এইবাৰ ৬১ টা ৰংগমঞ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাসোৎসৱ ৯ নৱেম্বৰ তাৰিখে উচৱমুখৰ পৰিবেশৰ মাজেৰে সামৰণী পৰে। মাজুলীৰ বিভিন্ন সত্ৰ, ৰংগমঞ্চৰ দৰে উজনি মাজুলীৰ নতুন বজাৰস্থিত ৰংগমঞ্চতো তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাসোৎসৱ কালি সামৰণী পৰে। অৱশ্যে কোনো কোনো ৰংগমঞ্চত আজিও ৰাসলীলা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে৷ বিশেষকৈ জাতি-জনগোষ্ঠীৰ সমন্বয়-সম্প্ৰীতিৰ এনাজৰীৰ বান্ধোনেৰে সন্মিলিত প্ৰচেষ্টাত নতুন বজাৰ ৰাস কমিটিয়ে প্ৰতি বছৰে উদ্ যাপন কৰি অহাৰ দৰে এইবছৰো শেষৰ দিনা মিচিং ভাষাত অনুষ্ঠিত কৰা শ্ৰী শ্ৰী কৃষ্ণৰ সম্পুৰ্ণ ৰাসলীলাই হাজাৰ হাজাৰ দৰ্শকক সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে উজনি মাজুলী নৱজ্যোতি ৰংগমঞ্চতো (পানীখাতি) ৭, ৮ আৰু ৯ নৱেম্বৰত তিনিনীয়াকৈ ৰাসোৎসৱ উদ্ যাপন কৰে। তিনিদিনীয়াকৈ আয়োজন কৰা ৰাসোৎসৱত মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামীয়ে প্ৰথম দিনা দৈৱকী আৰু দ্বিতীয় দিনা যশোদাৰ ভাৱত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰে। আধ্যাত্মিক চেতনা আৰু অত্যাধুনিক কলা-কুশলীৰ সমাহাৰেৰে ৰাসোৎসৱৰ সময়চোৱাত সমগ্ৰ মাজুলী হৈ পৰে গকুল-বৃন্দাবন সদৃশ। উল্লেখ্য যে পৰম্পৰা আৰু ঐতিহ্য অটুত ৰাখি একতাৰ এনাজৰীৰে প্ৰতি বছৰে পালন কৰি অহা ৰাসোৎসৱে মাজুলীক বিশ্ববাসীৰ ওচৰত কেৱল চিনাকী কৰাই দিয়াই নহয় প্ৰেম-ভাতৃত্ববোধৰ এক সুকীয়া মাত্ৰাও প্ৰদান কৰি আহিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
प्रसार भारती का OTT ऐप Waves लॉन्च, 30 रुपये की शुरुआती कीमत पर मिलेंगे प्लान्स, मिलेगा LIVE TV का एक्सेस भी
प्रसार भारती ने अपना ओटीटी प्लेटफॉर्म वेव्स लॉन्च किया है जिसमें 12 भाषाओं में 65 से ज्यादा लाइव...
સિહોર શહેર સહિત જીલ્લામાં રાખડીઓ થઈ મોંધી
શ્રાવણ માસ દરમિયાન રક્ષાબંધનના તહેવારમાં સ્ટોરની હારમાળા, માર્કેટમાં અવનવી વેરીયટીઓની...
Goldman Sachs On Havells |आगे बेहतर Growth की है उम्मीद, ऐसे में क्या करें निवेशक?|Stocks Of The Day
Goldman Sachs On Havells |आगे बेहतर Growth की है उम्मीद, ऐसे में क्या करें निवेशक?|Stocks Of The Day
હાલોલ જીઆઇડીસીના ગણેશ નગરમાંથી ટાઉન પોલીસે જુગાર રમતા 5 ખેલીઓને 11,280/- ₹.ના મુદ્દામાલ સાથે ઝડપી પાડ્યા.
હાલોલ ટાઉન પોલીસ મથકની ટીમ નિત્યક્રમ મુજબ કાયદો વ્યવસ્થાને લઈને પેટ્રોલિંગમાં હતી ત્યારે ટાઉન...