বিগত এসপ্তাহে লিংক নাই দেওমৰনৈ উপ-ডাকঘৰতঃ হাৰাশাস্তিৰ সন্মুখীন উপভোক্তাসকল 

ভাৰত চৰকাৰৰ ডাকসেৱা বিভাগৰ অধীনস্থ দেওমৰনৈ উপ-ডাকঘৰত যোৱা ২ নৱেম্বৰৰ পৰা লিংক নথকাত হাৰাশাস্তিৰ সন্মুখীন হৈছে উপভোক্তা সকল। উপভোক্তা সকলে ধন জমা থবলৈ অথবা উলিয়াবলৈ আহি লিংক নথকাৰ বাবে ওভতি যাবলগীয়া হৈছে। সেয়েহে ভূক্তভোগী উপভোক্তা সকলে কেন্দ্ৰীয় চৰকাৰৰ বিভাগটি সুচল কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে।