শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱক লৈ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৃহত্তৰ মৰাণ অঞ্চলতো দেখা গৈছে উখল-মাখল পৰিবেশ৷ মৰাণৰ ৰাইদঙীয়াস্থিত স্থায়ী ৰাস মঞ্চত কাইলৈ ৭ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব বিংশতিতম দ্বি-বাৰ্ষিক ৰাস মহোৎসৱ৷ ৰাইদঙীয়া ৰাস উদ্যাপন সমিতিৰ উদ্যোগত আয়োজন কৰা এই ৰাস মহোৎসৱৰ দুয়োটা দিনত দুটা ভিন্ন শিল্পীৰ দলে ৰাস মঞ্চস্থ কৰিব৷ ইফালে মৰাণ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ডেৰ শতাধিক ন-পুৰণি শিল্পী ৰাস প্ৰদৰ্শনৰ বাবে সাজু হৈছে৷ উল্লেখ্য যে, ১৯৮০ চনৰ পৰা প্ৰতি দুটা বছৰৰ মূৰে মূৰে আয়োজন কৰা এই ৰাস মহোৎসৱ কোৰোনা মহামাৰীৰ বাবে এটা বছৰ বন্ধ হৈ থকাৰ পাচত এইবাৰ নতুন উদ্যমেৰে পুনৰ ৰাস প্ৰদৰ্শনৰ বাবে সাজু হৈছে আয়োজকসকল৷ ৰাস মহোৎসৱখনিত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ক্ৰমে যোগেন মহন আৰু বিমল বৰা, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব বুলি জনাইছে উদ্যাপন সমিতিৰ সভাপতি হেমন্ত চুতীয়া, যুটীয়া সম্পাদক দেবানন্দ চুতীয়া আৰু যোগ গগৈয়ে৷ দুয়োদিনৰ কাৰ্যসূচীতে বৃহত্তৰ মৰাণ অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদ্যাপন সমিতিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা পশ্চিম গডমাৰীত সমৃদ্ধ যোগ কেন্দ্ৰ উদ্বোধন।
ৰহা পশ্চিম গডমাৰীৰ নিবাসী তথা উদিয়মান যুবক,যোগ শিক্ষক সঞ্জয় কুমাৰ কাকতিৰ উদ্যোগত নিবাস স্থান আজি...
एसडीएम ने ग्रामीणों की समस्याएं सुनकर मौके पर ही किया निराकरण
एसडीएम ने ग्रामीणों की समस्याएं सुनकर मौके पर ही किया निराकरण
- आबूरोड शहर से सटे मावल...
भील विकास समिति ने छात्र-छात्राओं को शिक्षा के प्रति उत्साहित करने के लिए ड्रेस व चप्पल का किया वितरण
नमाना क्षेत्र में शिक्षा के प्रति जागरूकता व छात्र-छात्राओं को उत्साहित करने के लिए...
ડીસામાં ધરણા પર બેઠેલા ગૌભક્તોએ મુંડન કરાવી વિરોધ નોંધાવ્યો, જુઓ Video
ડીસામાં ધરણા પર બેઠેલા 101 ગૌભક્તોએ મુંડન કરાવી સરકારનું બેસણું કરી વિરોધ નોંધાવ્યો. ગોભક્તોની...
બનાસકાંઠાની 309 સ્કૂલોમાં 1958 બેઠકો ઉપર આઈટીઆઈ હેઠળ પ્રવેશ પ્રક્રિયા શરૂ
પ્રવેશ: બનાસકાંઠાની 309 સ્કૂલોમાં 1958 બેઠકો ઉપર આરટીઇ હેઠળ પ્રવેશ પ્રક્રિયા શરૂ
...