শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱক লৈ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৃহত্তৰ মৰাণ অঞ্চলতো দেখা গৈছে উখল-মাখল পৰিবেশ৷ মৰাণৰ ৰাইদঙীয়াস্থিত স্থায়ী ৰাস মঞ্চত কাইলৈ ৭ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব বিংশতিতম দ্বি-বাৰ্ষিক ৰাস মহোৎসৱ৷ ৰাইদঙীয়া ৰাস উদ্যাপন সমিতিৰ উদ্যোগত আয়োজন কৰা এই ৰাস মহোৎসৱৰ দুয়োটা দিনত দুটা ভিন্ন শিল্পীৰ দলে ৰাস মঞ্চস্থ কৰিব৷ ইফালে মৰাণ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ ডেৰ শতাধিক ন-পুৰণি শিল্পী ৰাস প্ৰদৰ্শনৰ বাবে সাজু হৈছে৷ উল্লেখ্য যে, ১৯৮০ চনৰ পৰা প্ৰতি দুটা বছৰৰ মূৰে মূৰে আয়োজন কৰা এই ৰাস মহোৎসৱ কোৰোনা মহামাৰীৰ বাবে এটা বছৰ বন্ধ হৈ থকাৰ পাচত এইবাৰ নতুন উদ্যমেৰে পুনৰ ৰাস প্ৰদৰ্শনৰ বাবে সাজু হৈছে আয়োজকসকল৷ ৰাস মহোৎসৱখনিত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ক্ৰমে যোগেন মহন আৰু বিমল বৰা, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব বুলি জনাইছে উদ্যাপন সমিতিৰ সভাপতি হেমন্ত চুতীয়া, যুটীয়া সম্পাদক দেবানন্দ চুতীয়া আৰু যোগ গগৈয়ে৷ দুয়োদিনৰ কাৰ্যসূচীতে বৃহত্তৰ মৰাণ অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদ্যাপন সমিতিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Khushkhabri with IVF:कितना मुश्किल है मोटापे में IVF का सफर? जानें सभी जरूरी बातें
शादी के बाद संतान न होना हर दंपत्ति के लिए एक बड़ी समस्या की वजह होती है। संतान न होने के पीछे कई...
રતલમહાલ ના જંગલમાં મોટરસાયકલ પર હેરાફેરી કરતા ભારતીય બનાવટના વિદેશી દારૂ સાથે એકને ઝડપી પાડતી ધાનપુર પોલીસ
દાહોદ જિલ્લાના ધાનપુર તાલુકાના રતન મહાલ જંગલ વિસ્તારના ગામેથી હેરાફેરી કરાતો ભારતીય બનાવટના...
पुण्यात बसने घेतला पेट, बघा व्हिडीओ...
पुण्यात बसने घेतला पेट, बघा व्हिडीओ...
प्रत्याशियों ने दाखिल किया नामांकन।
जनपद लखनऊ में, प्रत्याशियों ने दाख़िल किया नामांकन।मालूम हो कि विधान परिषद चुनाव में,आज सोमवार को...