মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসকৰ অভাৱৰ বাবে আহুকালৰ সন্মুখীন হৈছে ৰোগী ৷ ২০০৬ চনত স্থানীয় বিধায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত এফ আৰ ইউ পৰ্যায়লৈ উন্নীত হোৱা বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত প্ৰতিমাহত ৩০ ৰপৰা ৫০ গৰাকী শিশুই জন্ম লাভ কৰি আহিছে যদিও এই শিশু সকলৰ চিকিৎসাৰ বাবে নাই শিশু বিশেষজ্ঞ ৷ যাৰ বাবে নৱজাতক সকলৰ জন্মৰ পিছত দেখা দিয়া বিভিন্ন ৰোগৰ চিকিৎসা সাধাৰণ এম বি বি এছ বা প্ৰসূতি বিভাগৰ চিকিৎসকে কৰিবলগীয়া হৈ আছে ৷ আনহাতে দৈনিক চিকিৎসালয়খনলৈ অহা প্ৰায় 

৩০০/৪০০ ৰোগীৰ চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত চিকিৎসক ৷ বৰ্তমান কৰ্মৰত ৬ গৰাকী চিকিৎসকৰ ৩ গৰাকী প্ৰসূতি বিভাগৰ ৷ এগৰাকী এনাছথেছিয়ান ৷ বাকী সাধাৰণ ৰোগীৰ বাবে থাকে মাত্ৰ এজন চিকিৎসক ৷ বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত হোৱা হেতুকে উন্নত সুবিধা লাভৰ আশাত দৰং,বাক্সাৰপৰাও ৰোগী আহি ভিৰ কৰে এই চিকিৎসালয়ত ৷ তেনে অৱস্থাত চিকিৎসালয়খনৰ ওপৰত নিৰ্ভৰশীল ৰাইজে ড° হিমন্ত বিশ্ব শৰ্মাৰ মুখলৈ আশাৰে বাট চাই ৰৈছে ৷ ৰাইজে

অন্ততঃ এগৰাকী শিশু বিশেষজ্ঞ আৰু মেডিচিন বিশেষজ্ঞ চিকিৎসক বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত নিযুক্তি দিবলৈ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ৷