তিনিচুকীয়াত যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন, ২০১২, কিশোৰ ন্যায় আইন আৰু বাল্য বিবাহ প্ৰতিৰোধ আইনৰ ওপৰত প্ৰশিক্ষণ।

তিনিচুকীয়া জিলা আইনী সেৱা প্ৰাধিকৰণৰ সহযোগত  জিলা শিশু সুৰক্ষা গোট, তিনিচুকীয়াই যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন, ২০১২, কিশোৰ ন্যায় আইন আৰু বাল্য বিবাহ প্ৰতিৰোধ আইনৰ ওপৰত তিনিচুকীয়া আৰু শদিয়া আৰক্ষী জিলাৰ সকলো আৰক্ষী থানাৰ বিশেষ কিশোৰ আৰক্ষী গোট আৰু শিশু কল্যাণ আৰক্ষী বিষয়াসকলৰ বাবে এক ৰিফ্ৰেচাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে।

প্ৰশিক্ষণৰ মুখ্য আলোচনা আছিল যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন, 2012, কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, বাল্য বিবাহ আইন, আৰু শিশু সম্পৰ্কীয় আইন।

উক্ত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভাৰম্ভনী অনুষ্ঠানৰ সভাপতিত্ব কৰে জিলা আইনী সেৱা প্ৰাধিকৰণ তিনিচুকীয়াৰ সচিব শ্ৰী ফৰহান উদ্দিন চৌধুৰীয়ে।

অনুষ্ঠানত তিনিচুকীয়া আৰক্ষী জিলাৰ উপ আৰক্ষী অধীক্ষক শ্ৰী হিৰণ্য বৰা, শদিয়া আৰক্ষী জিলাৰ উপ আৰক্ষী অধীক্ষক শ্ৰী বিভাষ দাস, শিশু কল্যাণ সমিতি তিনিচুকীয়াৰ অধ্যক্ষ শ্ৰী উত্তম দুৱৰা,  জিলা শিশু সুৰক্ষা বিষয়া শ্ৰীমতী ৰিজৱানা হাজৰিকাই অংশগ্ৰহণ কৰে ।

প্ৰশিক্ষণ কাৰ্য্যসূচীৰ পৰিচালনা কৰে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন, ২০১২ৰ অতিৰিক্ত সত্ৰ   তথা বিশেষ ন্যায়াধীশ চি. আৰ শইকীয়া আৰু কিশোৰ ন্যায় পৰিষদ, তিনিচুকীয়াৰ প্ৰধান দণ্ডাধীশ  শ্ৰী ত্ৰিদীপ কে.আৰ. ভট্টাচাৰ্যই।