অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী দিলেশ্বৰ তাঁতীৰ দেহাৱসান। তিনিচুকীয়াৰ ডুমডুমা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দিলেশ্বৰ তাঁতীয়ে বুধবাৰে দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

দিলেশ্বৰ তাঁতী অসম চাহ মজদুৰ সংঘৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদকৰ পদতাে কাৰ্যনিৰ্বাহ কৰিছিল। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাৰ শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰী আছিল প্ৰয়াত দিলেশ্বৰ তাঁতী। তেওঁ চাহ জনগোষ্ঠীৰ মাজত এগৰাকী অত্যন্ত জনপ্ৰিয় নেতা আছিল।

তেওঁৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে টুইট যোগে কয় ‘প্ৰাক্তন মন্ত্ৰী দিলেশ্বৰ তাঁতীদেৱৰ বিয়োগৰ বাতৰিয়ে গভীৰভাৱে মৰ্মাহত কৰিলে৷ ৰাজ্যৰ সমাজ-ৰাজনৈতিক ক্ষেত্ৰলৈ তেখেতে যি বৰঙণি আগবঢ়াই গৈছে সেয়া স্মৰণীয় হৈ থাকিব৷ তেখেতৰ বিয়োগ অপূৰণীয় ক্ষতি৷ তাঁতীদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ৷

তেওঁৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে শােক প্ৰকাশ কৰাৰ লগতে ডুমডুমা চেম্বাৰ্চ অৱ কমাৰ্চে বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷