গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক ,এমেৰিটাছ প্ৰফেছৰ,বিশিষ্ট গৱেষক, পণ্ডিত, অসম সাহিত্য সভাৰ সদস্য মহীয়ান ,সু সাহিত্যিক ,দৰং ৰত্ন সন্মানেৰে বিভূষিত দৰঙী সন্তান ড° নবীন চন্দ্ৰ শৰ্মাৰ গুৱাহাটীৰ দুৰ্গা সৰোবৰ স্হিত নিজা বাসভৱনত আজি পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫| দৰং জিলাৰ হাজৰিকাপাৰা গাঁওত জন্ম গ্ৰহণ কৰা শৰ্মাই অসমৰ বৌদ্ধিক ক্ষেত্ৰ খনত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল। লোক -কলা সংস্কৃতি ক্ষেত্ৰ খনৰ প্ৰণালীবদ্ধ অধ্যয়ন আৰু গৱেষণা লব্ধ জ্ঞানেৰে ৰচনা কৰা কেবাখনো উৎকৃষ্ট গ্ৰন্থ তেখেতৰ অপূৰ্ব অৱদান ৰূপে পৰিগণিত হৈছে। 

তেখেতৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালবৰ্গলৈ সমবেদনা জনাই শোক বাৰ্তাত প্ৰকাশ কৰে যে, "লোক-সংস্কৃতিৰ সাধক, গৱেষক পণ্ডিত ড° নবীন চন্দ্ৰ শৰ্মাদেৱৰ দেহাৱসানৰ খবৰটিত গভীৰভাৱে মৰ্মাহত হৈছোঁ। কেইবাখনো গ্ৰন্থৰ প্ৰণেতা শৰ্মাদেৱে সমাজ জীৱনলৈ যি অৱদান আগবঢ়াই থৈ গ'ল, সেয়া আমি চিৰদিন মনত ৰাখিম। " 

ড° শৰ্মাৰ বিয়োগত অসমৰ বৌদ্ধিক ক্ষেত্ৰ খনত গভীৰ শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে। প্ৰয়াত শৰ্মাই মৃত্যুৰ সময়ত তেওঁৰ পত্নী, দুই পুত্ৰ -বোৱাৰী ,নাতি সমন্বিতে আত্মীয় স্বজন আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে।