গোলাঘাটৰ বাণিজ্য মহাবিদ্যালয়ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা৷ মহাবিদ্যালয়ৰ ক্লাছ চলি থকা অৱস্থাত কলেজ খেলপথাৰৰ চৌহদত চুৰিৰে এজন ছাত্ৰই আক্ৰমণ কৰে দুগৰাকী ছাত্ৰক৷ ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত দুজন ছাত্ৰ৷

মহাবিদ্যালয় চলি থকা অৱস্থাতেই দুই পক্ষৰ মাজত কথাৰ কটাকটি হৈ এই ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰে৷ নিয়ন্ত্ৰনহীন গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মহাবিদ্যালয় কতৃপক্ষ ৷ইফালে মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে এনে ঘটনা সমূহ নিয়ন্ত্ৰণ কৰাতো দূৰৰে কথা সংবাদ মাধ্যমে ঘটনা বিষয়ে জানিব বিচৰাত উত্তৰ দিবলৈও সাহসকণ নহ'ল।