নাজিৰাৰ ঐতিহাসিক নগা আলি পুনৰ নিৰ্মাণৰ দাবীত বৰ তাল বজাই ৰাজপথত গণ বিক্ষোভ ৰাইজৰ , লগতে লোক নিৰ্মাণ বিভাগ আৰু মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ । চৰকাৰে জনগণৰ যাতায়তৰ ব্যৱস্থা সুচল কৰি তুলিবৰ বাবে আঁচনি প্ৰস্তুত কৰি বছৰি হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি আহিছে যদিও বিৰোধী দলৰ বিধায়কৰ সমষ্টি হোৱাৰ বাবেই হয়তু নাজিৰাৰ অন্যতম গুৰুত্বপূৰ্ণ পথ ঐতিহাসিক নগা আলি পুনৰ নিৰ্মাণৰ বাবে বছৰে বছৰে আঁচনি লৈও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই । বামুণ পুখুৰী , সোন্দৰ পুখুৰী , বাউলী মৈদাম , শেনৰ আলি , চানবছা , বুধবাৰী সত্ৰ , ওপৰ নাজিৰা , সন্দিকৈ গাওঁ আদিকে ধৰি দুকুৰিৰোধিক ৰাজহ গাঁৱৰ শত সহস্ৰ নাগৰিকৰ যাতায়তৰ একমাত্ৰ পথ ঐতিহাসিক নগা আলি সম্প্ৰতি চৰকাৰী মীনপাম সদৃশ দ' দ' পুখুৰীৰে পৰিপূৰ্ণ হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিছে জনগণে । উক্ত প্ৰতিবাদত কাৰ্টুন চিত্ৰ শিল্পী ভাস্কৰ জ্যোতি মহন্তই কেবাখনো কাৰ্টুন চিত্ৰ অংকন কৰি প্ৰতিবাদ কৰা দেখা পোৱা গ'ল ।

বিভাগীয় কৰ্তৃপক্ষ , মন্ত্ৰী - বিধায়ক তথা চৰকাৰলৈ বাৰম্বাৰ আবেদন - নিবেদন , স্মাৰক পত্ৰ আদিৰে জনাই অহাৰ পিছতো পথটো বিজ্ঞানসন্মত ভাৱে পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত চকু মেল খোৱাব পৰা নাই ৰাইজে । বিভিন্ন সময়ত বহু দল - সংগঠনে পথটো পুনৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিও সুফল পাবলৈ সক্ষম নোহোৱাত আজি স্থানীয় সৰ্বোদয় সমাজৰ উদ্যোগত সহস্ৰাধিক পুৰুষ - মহিলা তথা ৰাইজে ৰাজপথলৈ ওলাই আহি " ৰ'দৰ দিনত ধূলি , বৰষুণৰ দিনত বোকাপানী এইয়াই আমাৰ নগা আলিবাসী ৰাইজে পোৱা চৰকাৰী বিনামূলীয়া ফেচিলিটি " শ্ল'গানেৰে হাতে হাতে প্লেকাৰ্ড , কাৰ্টুন আদি লৈ প্ৰতিবাদী সমদলেৰে লোক নিৰ্মাণ বিভাগৰ নাজিৰা - আমগুৰি সংমণ্ডল কাৰ্যালয় আৰু মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পিছত গণ স্বাক্ষৰিত এখনি স্মাৰক পত্ৰ নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি বিভাগীয় কৰ্তৃপক্ষ আৰু আৰু অসম চৰকাৰলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । ইয়াৰ পিছতো পথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সু ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী জনগণে ।