শোনিতপুৰৰ বালিপৰাত আছুৰ উদ্যোগত কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন অনষ্ঠান ।

বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনোৱা হয় ।

বালিপৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠান আছুক কেন্দ্ৰীয় আৰু জিলা নেতৃবৃন্দ উপস্থিত থাকে 

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰায় ২৫০ গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। অনুষ্ঠানত বিভিন্ন এলেকাৰ পৰা কেইবা শতাধিক পুৰুষ, মহিলা, অভিভাৱক তথা ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে ।