এলন মাস্কে টুইটাৰৰ দুৱাৰ খুলি দিয়াৰ লগে লগে উচ্ছ্বসিত হৈ পৰিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱত৷ অচিৰেই দুয়োৰে ওপৰৰ পৰা টুইটাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব বুলি আশাত দুয়ো উচ্ছ্বসিত হোৱা নাই৷ দুয়োৰে স্ফূৰ্তিৰ কাৰণ পৃথক পৃথক৷ বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে টুইটাৰ অধিগ্ৰহণ কৰিয়েই ঘোষণা কৰিছে– এতিয়াৰ পৰা টুইটাৰ মুক্ত৷ সকলোৱে নিজৰ মনোভাব মুক্তভাৱে প্ৰকাশ কৰিব পাৰিব৷

সেই ঘোষণা শুনাৰ পাছতে ড’নাল্ড ট্ৰাম্পে কৈছে, টুইটাৰ এতিয়া বিবেকৱান ব্যক্তিৰ হাতলৈ গৈছে৷ এই মাইক্ৰ’ব্লগিং ছাইটটোত এতিয়াৰ পৰা মৌলবাদী, বাঁওপন্থী, উন্নাসিকৰ আধিপত্য নাথাকিব, যি আমাৰ দেশক ঘৃণা কৰে৷

আনহাতে, টুইটাৰ সন্দৰ্ভত তেওঁ কৰা অভিশাপ কামত আহিল বুলি উল্লসিত হৈ পৰিছে কংগনা ৰাণাৱত৷ কংগনাৰ দাবী, টুইটাৰৰ পৰিচালকৰ পতন ঘটিব বুলি তেওঁক নিষেধাজ্ঞা আৰোপৰ সময়তে অভিশাপ দিছিল৷ সেই অভিশাপ ফলিয়ালে৷ কংগনাৰ মন্তব্য, তেওঁৰ অভিশাপ সদায় ফলিয়ায়৷ তাৰ বাবে তেওঁক কোনোবাই যাদু কৰা বুলিও ভাবিব পাৰে, ডাইনীৰ যাদুবিদ্যা বুলিও ভাবিব পাৰে৷ কংগনা ৰাণাৱতে নামোল্লেখ নকৰাকৈ টুইটাৰৰ পৰা প্ৰথমদিনাই অপসাৰণ কৰা চিইঅ’ পৰাগ আগৰৱালাৰ প্ৰতি ইংগিত কৰে৷

২০২০ চনৰ ৬ জানুৱাৰীত আমেৰিকাৰ কেপিটল হিল আক্ৰমণ কৰাৰ ক্ষেত্ৰত ড’নাল্ড ট্ৰাম্পে কৰা টুইটে নেতিবাচক প্ৰভাৱ পেলাইছিল৷ তদুপৰি ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল গণনাৰ শেষ মুহূৰ্তত টুইটাৰৰ জৰিয়তে মিছাকৈ তেওঁ বিজয়ী হোৱা বুলি ঘোষণা কৰিছিল৷ টুইটাৰত ট্ৰাম্পে ক’ভিড-১৯ মহামাৰীৰো ভুৱা তথ্য প্ৰচাৰ কৰিছিল৷ ফলত টুইটাৰে তেওঁৰ বিৰুদ্ধে আজীৱন নিষেধাজ্ঞা আৰোপ কৰিছিল৷

আনহাতে, বলীউডৰ বিতৰ্কিত অথচ প্ৰভাৱশালী অভিনেত্ৰী কংগনা ৰাণাৱতে পশ্চিমবংগৰ বিগত বিধানসভাৰ নিৰ্বাচনৰ সময়ত বিজেপিৰ পক্ষ লৈ মমতা বেনাৰ্জীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অসন্মানজনক মন্তব্য কৰিছিল৷ ফলত টুইটাৰে কংগনাৰ বিৰুদ্ধে যোৱা মে’ত চিৰদিনৰ বাবে নিষেধাজ্ঞা আৰোপ কৰে৷ কংগনাৰ আশা, এইবাৰ টুইটাৰৰ নতুন কতৃৰ্পক্ষই তেওঁৰ বিৰুদ্ধে ইতিপূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব৷

তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে ড’নাল্ড ট্ৰাম্প আৰু কংগনা ৰাণাৱতক নিষেধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ভূমিকা আছিল ভাৰতীয় বংশোদ্ভৱ বিষয়ববীয়াৰ৷ সেই সময়ত টুইটাৰৰ আইনী আৰু নীতি নিৰ্ধাৰক হিচাপে শীৰ্ষপদত আছিল ভাৰত বংশোদ্ভৱ মহিলা বিষয়া বিজয়া গাড্ডে৷ আনহাতে যোৱা নৱেম্বৰত চিইঅ’ অৰ্থাৎ শীৰ্ষতম পদত অধিষ্ঠিত হোৱা পৰাগ আগৰৱালাও তেতিয়া টুইটাৰৰ অন্যতম শীৰ্ষস্থানীয় পদত আছিল৷ ঘাইকৈ বিজয়া গাড্ডেৰ পৰামৰ্শ আৰু প্ৰভাৱতে ট্ৰাম্প তথা কংগনাক ক্ৰমে মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ বাবে টুইটাৰে নিজস্ব নীতি অনুযায়ী নিষেধ কৰিছিল৷

এতিয়া বৃহস্পতিবাৰে পৰাগ আগৰৱালা আৰু আইনী তথা নীতি নিৰ্ধাৰক বিষয়া বিজয়া গাড্ডেক টুইটাৰ অধিগ্ৰহণ কৰিয়েই এলন মাস্কে ছাটাই কৰিছে৷ আন এগৰাকী শীৰ্ষস্থানীয় ভাৰত বংশোদ্ভৱ চীফ ফাইনেন্সিয়েল বিষয়া নেড ছেগালকো বিদায় দিছে মাস্কে৷ তেওঁলোককে ড’নাল্ড ট্ৰাম্পে বাঁওপন্থী উন্নাসিক বুলি ইংগিত দিছে আৰু মাস্কে লোৱা এই পদক্ষেপ কংগনা ৰাণাৱতে তেওঁৰ শাওপাতৰ ফলত হোৱা বুলি মন্তব্য কৰিছে৷