মাজুলী কমলাবাৰী পেঞ্চনাৰ ভৱনত মাজুলী জিলা লেখিকা সমিতিৰ আজি এখনি যুটীয়া বৈঠক অনুষ্ঠিত হয়। জিলা সভানেত্ৰী স্মৃতি ৰেখা দত্তৰ সভানেত্ৰীত্বত অনুষ্ঠিত সভাৰ আট ধৰে জিলা সম্পাদিকা লখিমী বৰাই।
জিলা খনৰ কেইবা খনো আঞ্চলিক সমিতিৰ সদস্যা সকল উপস্থিত থাকে আজিৰ সভাত।
 
  
  
  
  
   
   
   
  