মৰিগাঁও জিলাৰ জাগীৰোডৰ ৰৌমাৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বনৰীয়া হাতী আৰু এখন চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষত এজন লোকে প্ৰাণ হেৰুওৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা এখন বাহনৰ ওপৰত বনৰীয়া হাতীৰ আচম্বিত আক্ৰমণত লোকজন নিহত হয়।

আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে বাহনখন সম্পূৰ্ণৰূপে চূৰ্ণবিচূৰ্ণ হৈ যায়।

এই শিহৰণকাৰী ঘটনাটোত নিহত হোৱা লোকজন গুৱাহাটীৰ দেৱাশীষ ভট্টাচাৰ্য বুলি চিনাক্ত কৰা হৈছে।

এই আশ্বৰ্যকৰ দুৰ্ঘটনাটোত পতিত হোৱা ৰেন’ল্ট কিগাৰ বাহনখনৰ নম্বৰ এ এছ ০১ এফ এফ ০১৮৪। 

মৃত লোকজন তেজপুৰৰ নৰ্থ-ইষ্ট ফাইনেঞ্চ বেংকত কৰ্মৰত আছিল আৰু আজি কৰ্তব্য সমাপন কৰি তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা পথত সংঘটিত হয় এই কৰুণ দুৰ্ঘটনাটো।