বুৰঞ্জীয়ে পৰশা ইতিহাসৰ জীৱন্ত দলিল স্বৰ্গদেউ চাওলুং চুকাফাই স্বাধীন বৰ অসম আৰু মহান অসমীয়া জাতি গঢ়া আহোমৰ প্ৰথম ৰাজধানী ঐতিহাসিক চৰাইদেউৰ সোনসেৰীয়া মাটিত আজিৰ পৰা এশ বছৰ পূৰ্বে স্থাপন কৰা হৈছিল দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়। চৰাইদেউ সমগ্ৰ অঞ্চলটোক শিক্ষা, জ্ঞানৰ পোহৰেৰে আলোকিত কৰি ঐতিহাসিক চৰাইদেউক মহিমামণ্ডিত আৰু গৰিমামন্ডিত কৰি তুলিলে। এই দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অহা ৪,৫ আৰু ৬ নৱেম্বৰত শতবাৰ্ষিকী সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। শতবাৰ্ষিকী সামৰণি অনুষ্ঠানৰ আয়োজন ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে বুলি অৱগত কৰিছে উদযাপন সমিতিৰ সভাপতি সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। সোনাৰি সমষ্টিৰ য়়় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ এই বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে এই দায়িত্ব পালন কৰি শতবাৰ্ষিকী সামৰণি অনুষ্ঠানৰ শুভদিন টোত তেখেতৰ ছাত্ৰ জীৱনৰ শিক্ষা গুৰু অসমৰ প্ৰাক্তন মন্ত্ৰী, অৱসৰ প্ৰাপ্ত অধ্যক্ষ শৰৎ বৰকটকী দেৱৰ এটি পূৰ্ণাংগ মূৰ্তি স্থাপন কৰা লগতে তেখেতৰ হাতেৰে উন্মোচন কৰা ব্যৱস্থা কৰিছে। শিক্ষা গুৰু জনাৰ প্ৰতি সন্মান জনোৱা শিষ্য হিচাপে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে লোৱা পদক্ষেপক সকলোৱে আদৰনি জনাইছে। উদযাপন সমিতিৰ সভাপতি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ অৱসৰ প্ৰাপ্ত শিক্ষা গুৰু সকল , বৰ্তমান কৰ্মৰত শিক্ষক, শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ, ছাত্ৰ-ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী লগতে সকলো ৰাইজকে তিনিওটা দিনৰ কাৰ্যসূচী উপস্থিত থাকি সাফল্য মন্ডিত কৰি তুলিবলৈ আহ্বান জনাইছে। তেখেতে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে শতবাৰ্ষিকী সামৰণি অনুষ্ঠানত অসমৰ জনপ্ৰিয় মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৬ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। আজি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকী সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয়। কৃষক পৰিয়ালৰ সন্তান বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱে নিজ পঢ়া বিদ্যালয়ত হাত কোৰ লৈ হাতে কামে প্ৰস্তুতি সম্পূৰ্ণ কৰাত সহায় কৰে। তেখেতৰ নিজ বিদ্যালয়খনৰ প্ৰতি থকা এই কৰ্তব্য নিষ্ঠাৰ বাবে সকলোৱে আদৰনি জনোৱাৰ লগতে ভুয়সী প্ৰসংশা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માંગરોળ તાલુકાના દરસાલી ગામને દત્તક લેતા સાંસદ સભ્ય શ્રી રમેશભાઈ ધડુક
માંગરોળ તાલુકાના દરસાલી ગામને દત્તક લેતા સાંસદ સભ્ય શ્રી રમેશભાઈ ધડુક માંગરોળ તાલુકાના દરસાલી...
कॉलेज विद्यार्थांचा अपघातात मृत्यू तर दोन विद्यार्थी जखमी
कॉलेज विद्यार्थांचा अपघातात मृत्यू तर दोन विद्यार्थी जखमी
सोलापुर :- परीक्षा देऊन...
CHHINDWARA LIVE।CHHINDWARA NEWS | EMS TV 30-August-2022
CHHINDWARA LIVE।CHHINDWARA NEWS | EMS TV 30-August-2022
हत्येचा थरार, पाहुणा आलेल्या युवकाचा काही तासातच खून
नाशिक: बहिणीला सासरी सोडण्यासाठी भगुर शिवारात मगंळवारी (दि. ८) रोजी सकाळी आला होता. हा मुळ...