এতিয়াৰে অৱসৰ গ্ৰহণ কৰা শিক্ষকেই হওক বা আন চৰকাৰী কৰ্মচাৰীয়েই হওক, পেঞ্চনৰ টকা কেইটাৰ বাবে গুৱাহাটীলৈ তাঁতবাটি কৰিব নালাগে কোনেও৷ তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে পেঞ্চন সেৱা কেন্দ্ৰ৷” -বুধবাৰে বিয়লি তেজপুৰত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰি এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই৷
তেজপুৰৰ চৰকাৰী বাছ আস্হানৰ সমীপত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত বৰ্তমান মুকলি কৰা হৈছে এই পেঞ্চন সেৱা কেন্দ্ৰ৷
মন্ত্ৰী অশোক সিংঘলক লগত লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই ফিটা কাটি আনুষ্ঠানিকভাৱে পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰি কয় - ৰাজ্য চৰকাৰে বৰ্তমান এনে ২২ টা পেঞ্চন সেৱা মুকলিৰ কথা চিন্তা কৰিছে৷
Byte:Piyush Hazarika
VO:আনহাতে, DPI প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে - তাতো ভাল মানুহ আছে৷ তাক অস্বীকাৰ কৰিব নোৱাৰি৷ কিন্তু একাংশ লোকৰ বাবে সৃষ্টি হোৱা কেৰোণ আঁতৰাবলৈ চেষ্টা চলাই থকা হৈছে৷
Byte:Piyush Hazarika
VO:উল্লেখ্য যে, তেজপুৰ নেহৰু ময়দানত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে “শোণিতপুৰ জিলা দিৱস”৷ ১৯৮৩ চনৰ আজিৰ দিনটোতে দৰং জিলাৰ পৰা পৃথক হৈছিল শোণিতপুৰ জিলা৷ আজিৰ এই ঐতিহাসিক দিনটোত অনুষ্ঠিত বিয়লিৰ মুকলি সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে মন্ত্ৰী পীয়ুষ হাজৰিকাই অংশগ্ৰহণ কৰে