জেইললৈ নিক্ষেপ কৰা হ'ল মিঞা মিউজিয়াম স্থাপনৰ লগত জড়িত তিনি মিঞা নেতাক। মিঞা মিউজিয়াম স্থাপন কৰি অসম আৰক্ষীৰ ৰোষত পৰা তিনি মিঞা নেতা মহৰ আলী, আব্দুল বাতেন আৰু তনু ধাদুমীয়াৰ বিৰুদ্ধে আৰোপ কৰা হ'ল ৰাষ্ট্ৰদ্ৰোহৰ কেইবাটাও ধাৰা।
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
উল্লেখ্য যে গোৱালপাৰাৰ লক্ষীপুৰত অসম মিঞা পৰিষদৰ সভাপতি মহৰ আলী আৰু সাধাৰণ সম্পাদক আব্দুল বাতেনৰ নেতৃত্বত স্থাপন কৰা হৈছিল মিঞা মিউজিয়াম।
আৰু এই মিঞা মিউজিয়াম উদ্বোধন কৰিছিল ডিব্ৰুগড়ৰ তনু ধাদুমীয়াই।
মিঞা মিউজিয়াম স্থাপনৰ পিছতে ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে তিনিওঁকে আটক কৰিছিল আৰক্ষীয়ে।
আটক হোৱাৰ পিছতে ইতিপূৰ্বেই ঘগ্ৰাপাৰ আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ নম্বৰ ১৬৩/২২ ৰ ভিত্তিত তিনিওকে লৈ অহা হৈছিল নলবাৰীলৈ। আৰু নলবাৰীত কিছুদিন পূৰ্বে ধৃত তিনি জেহাদীৰে যোগসূত্ৰ থকা বুলি দাবী কৰি এই তিনি মিঞা নেতাক গ্ৰেপ্তাৰ কৰিছিল নলবাৰী আৰক্ষীয়ে।