দক্ষিণ কামৰূপৰ সোণতলীত বিস্কুটৰ প্ৰলোভন দি দুটি শিশুক অপহৰণ কৰাৰ দৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। 

অৱশ্যে অপহৰণকাৰীৰ পৰা কোনো মতে ৰক্ষা পৰে শিশু দুটি। 

খাদ্য বস্তুৰ প্ৰলোভন দেখুৱাই আজি ৰাতিপুৱাই কোনো দুৰ্বৃত্তই অপহৰণ কৰা শিশু দুটি সোণতলীৰ নতুন কাঠমী গাঁৱত উদ্ধাৰ হয়। 

শিশু দুটিক ৰাস্তাত অনাই বনাই ঘুৰি ফুৰা দেখি স্থানীয় ৰাইজৰ সোধা-পোছাত অপহৰণৰ ঘটনা পোহৰলৈ আহে আৰু স্থানীয় ৰাইজে শিশু দুটিক চমজাই দিয়ে সোণতলী আৰক্ষীক।

এগৰাকী অচিনাকি মহিলাই বিস্কুট খুৱাই টপাৰ পথাৰৰ পৰা অপহৰণ কৰি লৈ অহাৰ অভিযোগ উত্থাপন হৈছে৷ 

শিশু দুটি টপাৰ পথাৰ গাঁৱৰ নাজিম উদ্দিনৰ পুত্ৰ ফাইজুৰ ৰহমান (৬) আৰু আমিনুল ৰহমান বুলি চিনাক্ত কৰিছে৷