নিৰ্বাচনী প্ৰচাৰত উদুলিমুদুলি মহাবিদ্যালয় চৌহদ। নলবাৰী জিলাৰ অন্তৰ্গত অন্য এক ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুস্থান বৰভাগ মহাবিদ্যালয়।

বান অধ্যুষিত বৰভাগৰ মাজমজিয়াত অৱস্থিত উক্ত মহাবিদ্যালয়ৰ ২০২২-২০২৩ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰন নিৰ্বাচন অহা ৯ নবেম্বৰত অনুষ্ঠিত হব। ইতিমধ্যে নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ লগতে পৰীক্ষণৰ কাম- কাজো শেষ হৈছে।

জানিব পৰা মতে কেইবাজনো প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দীতাৰে জয়ী হৈছে। বিজয়ী আটাইকেইজন আছু আৰু এ জে ওৱাই চি পিৰ সমৰ্থিত প্ৰাৰ্থী বুলি জানিব পৰা গৈছে।