ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা। গোৱালপাৰা জিলাৰ দুধনৈত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। 

জানিব পৰা মতে, তিনিজন যুৱকে মিলি তিনি নাবালিকাক ধৰ্ষণ কৰিছে। এই ঘৃণনীয় ঘটনাটো ২২ অক্টোবৰত সংঘটিত হৈছিল। 

দুধনৈৰ অসম-মেঘালয় সীমান্তৰ এটা অঞ্চলৰ দুখন গাঁৱৰ তিনি নাবালিকাক ফুচুলাই নি তিনি যুৱকে দুখন বাইকত সন্ধিয়া দুধনৈলৈ ফুৰাবলৈ নিয়ে।

প্ৰথমে যুৱক কেইজনে এখন ধাবাত খাদ্য খোৱাৰ চলেৰে তিনি নাবালিকাক সুৰাপান কৰায়। তাৰ পিছতে ধাবাখনৰ কাষতে থকা এটা ইটা ভাটাৰ পিছফালে এখন তামোল বাগানৰ মাজত এটা অকলশৰীয়া ঘৰত নি তিনি পাষণ্ডই নাবালিকাক তিনি গৰাকীক ধৰ্ষণ কৰে।

২৩ অক্টোবৰৰ পুৱা ধৰ্ষণকাৰীকেইটাই তিনিওগৰাকী নাবালিকাক দুধনৈ চাৰিআলিত এৰি থৈ গুচি যায়। নাবালিকা তিনিওগৰাকী নিজৰ ঘৰত উপস্থিত হৈ তেওঁলোকৰ ঘৰৰ লোকক সকলো কথা বিৱৰি কয়।

ইয়াৰ পিছতে এগৰাকী অভিভাৱকে দুধনৈ থানাত ২৪ অক্টোবৰত এখন এজাহাৰ দাখিল কৰে। এজাহাৰ খনৰ ভিত্তিতে দুধনৈ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

তীব্ৰ অভিযান চলাই ধৰ্ষণকাৰী তিনিটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। 

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ভুক্তভোগী নাবালিকা তিনিগৰাকীক ইতিমধ্যে চিকিৎসাৰ ব্যৱস্থা কৰোৱা হৈছে।

এই ঘটনাৰ পিছতেই সমগ্ৰ দুধনৈত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ধৰ্ষণকাৰী কেইজনক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে।