সোণাৰিৰ লংপতীয়া জুটুলনী অঞ্চলৰ বুলু শইকীয়া আৰু ৰীতা গগৈৰ পৰিয়ালক বহিষ্কাৰ কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মিলন প্ৰাথমিকে।

কিছুদিন পূৰ্বে সমীপৱৰ্তী অঞ্চলতে নিৰ্মাণ কৰা এটা বৌদ্ধ বিহাৰ চাবলৈ গৈছিল জুটুলনী অঞ্চলৰ একাংশ লোকৰ লগতে শ‍ংকৰদেৱ সংঘৰ সদস্য বুলু শইকীয়া, ৰীতা গগৈ আৰু নিৰু গগৈ। ইয়াৰ পৰিপ্ৰেক্ষিতত সংঘৰ নামঘৰত জৰুৰী সভা অনুষ্ঠিত কৰি এই তিনিটা পৰিয়ালক জৰিমনা বিহাৰ লগতে নাম আগবঢ়াবলৈ নিৰ্দেশনা জাৰি কৰিছিল মিলন প্ৰাথমিকে।

কিন্তু স্বামীহাৰা বুলু শইকীয়াৰ লগতে ৰীতা গগৈৰ পৰিয়ালে এই ক্ষেত্ৰত অপাৰগ হোৱাত সংঘ ত্যাগ কৰি অনা সংঘৰ খেলত অন্তৰ্ভুক্ত হয়।