ডায়েটত শিশুৰ শিক্ষাৰ মৌলিক অধিকাৰৰ ওপৰত বাটৰ নাট প্ৰদৰ্শন

চিলাপথাৰ ২৭অক্টোবৰঃ শিশুৰ শিক্ষাৰ মৌলিক অধিকাৰ সুনিশ্চিত কৰা,শিক্ষাৰ অধিকাৰ আইন ২০০৯,স্বচ্চ ভাৰত অভিযান আৰু বিদ্যালয়- সমাজৰ সৌহাদ্যপূৰ্ণ সম্পৰ্ক গঢ়াৰ লক্ষ্যৰে ধেমাজি শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (ডায়েট) উদ্যোগত অব্যাহত আছে শৈক্ষিক অভিযান। আজি প্ৰতিষ্ঠানৰ উদ্যোগত ধেমাজি বিষ্ণুপুৰ পাঁচ আলিত এক বাটৰ নাট প্ৰদৰ্শিত হয়। সম্পন্ন কৰে চাফাই অভিযান। বিষ্ণুপুৰ পাঁচ আলি বজাৰৰ জাবৰ জোঁথৰ পৰিষ্কাৰৰ জৰিয়তে চিকুন কৰি তোলে। 

শিশৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ লগতে ৰাইজৰ মাজত শিশুৰ অধিকাৰৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্য প্ৰদৰ্শন কৰা নাটকত ভাগ লয় প্ৰতিষ্ঠানৰ চতুৰ্থ ষান্মাসিকৰ প্ৰশিক্ষাৰ্থী সকলে। ৰাজহুৱা স্থানত শিক্ষাৰ্থী সকলে প্ৰদৰ্শন কৰা অনবদ্য অভিনয়ে অজস্ৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানত উপস্থিত থাকে প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰৱক্তা জুনিচ কুমাৰ পাতিৰ আৰু মুকুল দত্ত,বিষ্ণুপুৰ পাঁচ আলি চেম্বাৰ্চ অৱ কমাৰ্চৰ শিশুৰাম আগৰৱালা,নাৰায়ণ বৰা, কমল বৰা আদি কেইবাজনো বিশিষ্ট লোক। ইপিনে চলিত সপ্তাহটোতে প্ৰতিষ্ঠানটোৱে নিকতৱৰ্তী কেইবাখনো বিদ্যালয় আৰু ৰাজহুৱা স্থানত শিক্ষাৰ অধিকাৰ আইন আৰু পৰিৱেশ সুৰক্ষাৰ বাবে ৰাইজক সজাগ কৰিবলৈ কেইবাখনিও ৰাজহুৱা সভা অনুষ্ঠিত কৰে।