৮ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ ৭নং ৰজাবাৰী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপাঞ্জল দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে।

আজি চৰাইদেউ জিলা সমিতিৰ সভাপতি টংকেশ্বৰ কোঁৱৰ, সম্পাদক কপিল চেতিয়া, জাতীয় যুৱ শক্তিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি সুনিল গগৈ, মাহমৰা সমষ্টিৰ সমিতিৰ সভাপতি ৰাজীৱ ৰাজকোঁৱৰ প্ৰমূখ্যে জাতীয় পৰিষদৰ কৰ্মী সকলে কোৰকাণিৰ মধূপুৰ আৰু শলমাৰি গাৱঁত প্ৰচাৰ চলায়।