নাৰায়ণপুৰত চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতে মহিলাক ঘৰৰ ভিতৰতে চুৰিৰে হানি খুচি আক্ৰমণ দুৰ্বৃত্তৰ। নাৰায়ণপুৰৰ টেঙাপথাৰত সংঘটিত হৈছে এই ঘটনা।

জিন্টু শইকীয়াৰ পত্নী পিংকি শইকীয়াক ঘৰৰ ভিতৰতে আক্ৰমণ দুৰ্বৃত্তৰ। সেই সময়ত ঘৰত অকলশৰে আছিল একমাত্ৰ পুত্ৰ সন্তানৰ মাতৃ মহিলা গৰাকী। পকা মিস্ত্ৰীৰ কাম কৰা স্বামী সেই সময়ত ঘৰত নাছিল।

আক্ৰমণৰ পিছত দুজনীয়া দুৰ্বৃত্তৰ দলটোৱে নগদ ধন আৰু সোণৰ গহনা লুটি নিয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।