অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিছে মৰাণ আৰক্ষী। ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত গৰাকীয়ে জিলাখনত কোনোধৰণৰ জুৱা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিয়াৰ পাছতো একাংশই মৰাণত জুৱাৰ আদ্দা চলোৱা খবৰ ৰাজহুৱা হোৱাৰ পাছতে তৎপৰ হৈছে মৰাণ আৰক্ষী।

এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ উপাধ্যায়ৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই মৰাণ হাটখোলাৰ সুমিত্ৰা হোটেলত চলি থকা জুৱাৰ ঘাটি উচ্ছেদ কৰে। জুৱা খেলি থকা অৱস্থাৰ পৰা মৰাণ আৰক্ষীয়ে জ্যোতিপুৰৰ দিলীপ ফুকন(47), হেমন্ত ভূঞা(47), মিলন নগৰৰ অশীমান সন্দিকৈ (42), হাটখোলাৰ অকমান আহমেদ(42) আটক কৰাৰ লগতে 10,390 টকা আৰু দুই পেকেট তাচ জব্দ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে আটকাধীন যুৱক কেইজনক মৰাণ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।