ডিব্ৰুগড় জিলাৰ টিংখাঙৰ কলৌলোৱা সোনোৱাল গাঁৱত কৃষক ৰাইজৰ নিদ্ৰা হৰণ কৰিছে এজাক বনৰীয়া ম'হে ৷ নিশাটোৰ ভিতৰতে ম'হৰ জাকটোৱে খাই উচন কৰিছে কৃষকৰ বিঘাই বিঘাই শস্যৰ পথাৰ ৷ শেহতীয়াকৈ প্ৰায় প্ৰতিদিনেই ম'হৰ জাকটোৱে গেৰ ধৰা ধাননি পথাৰ খাই নষ্ট কৰাত হাহাঁকাৰ কৰিবলগীয়া হৈছে কৃষকসকলে ৷ তদুপৰি গাঁওখনৰ কৃষকে কৰা ৰঙালাও, দাংবডী আদি বামখেতিও খাই তহিলং কৰাত উপায়হীন হৈ পৰিছে কৃষকসকল ৷ প্ৰতি বছৰেই খেতিৰ সময়ত এনেদৰে বনৰীয়া ম'হে উপদ্ৰপ কৰাতো এতিয়া অঞ্চলটোৰ বাবে গভীৰ সমস্যা হৈ পৰিছে ৷ ক্ষতিগ্ৰস্ত ৰাইজে বন বিভাগক বিষয়টো অৱগত কৰিছে যদিও বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে ৰাইজে ৷ দিনৰ ভাগতে গৈ কৃষকৰ হাতত দুপেকেট ফটকা দিয়েই দায়িত্ব সামৰিছে বিভাগটোৱে ৷ একেদৰে বছৰি বনৰীয়া ম'হে শস্যৰ পথাৰ খাই তহিলং কৰা কলৌলোৱা সোনোৱাল গাঁৱৰ ৰাইজে চৰকাৰৰ পৰাও কোনো সহায় সাহাৰ্য লাভ কৰা নাই বুলি জানিবলৈ দিছে ৷ টিংখাং সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাক বিষয়টো গুৰুত্ব প্ৰদান কৰি ভূক্তভোগী ৰাইজক সকাহ দিবলৈ ৰাইজে আহ্বান জনাইছে ৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  ખેડા જિલ્લા ના અમુક ગામો મા આકાશ મા કઈ વિચિત્ર દેખાતા કુતુહલ  
 
                      આજે સાંજે ના સમયે ખેડા જિલ્લાના અમુક ગામો મા આકાશ મા આશરે 9 ફૂટ લાંબી હાર માળા જેવું દેખાતા લોકો...
                  
   আজাদী কি অমৃত মহোৎসৱ উপলক্ষে দলগাঁৱত বৃক্ষৰোপণ  
 
                      আজাদী কি অমৃত মহোৎসৱ’’উপলক্ষে আজি দলগাও ৰাজহ চক্ৰ কাৰ্য্যালয়ত এক বৃক্ষৰোপণ...
                  
   मराठा क्रांती मोर्चाच्या सहाव्या वर्धापन दिनानिमित्त चिपळुणात  मराठा दरबारची जोरदार तयारी सुरू 
 
                      चिपळूण : मराठा क्रांती मोर्चाच्यावतीने मराठा क्रांतीच्या सहाव्या वर्धापन दिनाच्या निमित्ताने दि....
                  
   
  
  
  