ডিব্ৰুগড় জিলাৰ টিংখাঙৰ কলৌলোৱা সোনোৱাল গাঁৱত কৃষক ৰাইজৰ নিদ্ৰা হৰণ কৰিছে এজাক বনৰীয়া ম'হে ৷ নিশাটোৰ ভিতৰতে ম'হৰ জাকটোৱে খাই উচন কৰিছে কৃষকৰ বিঘাই বিঘাই শস্যৰ পথাৰ ৷ শেহতীয়াকৈ প্ৰায় প্ৰতিদিনেই ম'হৰ জাকটোৱে গেৰ ধৰা ধাননি পথাৰ খাই নষ্ট কৰাত হাহাঁকাৰ কৰিবলগীয়া হৈছে কৃষকসকলে ৷ তদুপৰি গাঁওখনৰ কৃষকে কৰা ৰঙালাও, দাংবডী আদি বামখেতিও খাই তহিলং কৰাত উপায়হীন হৈ পৰিছে কৃষকসকল ৷ প্ৰতি বছৰেই খেতিৰ সময়ত এনেদৰে বনৰীয়া ম'হে উপদ্ৰপ কৰাতো এতিয়া অঞ্চলটোৰ বাবে গভীৰ সমস্যা হৈ পৰিছে ৷ ক্ষতিগ্ৰস্ত ৰাইজে বন বিভাগক বিষয়টো অৱগত কৰিছে যদিও বন বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰিছে ৰাইজে ৷ দিনৰ ভাগতে গৈ কৃষকৰ হাতত দুপেকেট ফটকা দিয়েই দায়িত্ব সামৰিছে বিভাগটোৱে ৷ একেদৰে বছৰি বনৰীয়া ম'হে শস্যৰ পথাৰ খাই তহিলং কৰা কলৌলোৱা সোনোৱাল গাঁৱৰ ৰাইজে চৰকাৰৰ পৰাও কোনো সহায় সাহাৰ্য লাভ কৰা নাই বুলি জানিবলৈ দিছে ৷ টিংখাং সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাক বিষয়টো গুৰুত্ব প্ৰদান কৰি ভূক্তভোগী ৰাইজক সকাহ দিবলৈ ৰাইজে আহ্বান জনাইছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शरीरदानी नेत्रदानी स्वर्गीय अमिता भार्गव की प्रथम पुण्यतिथि के पांचवें दिन प्रतिभावान बालक बालिकाओं को किया सम्मानित
देहदानी नेत्रदानी स्वर्गीय अमिता भार्गव स्मृति संस्थान के निदेशक आकाश भार्गव ने बताया कि मेरी...
Vivek Bindra के घर पुलिस पहुंची, सोसाइटी के गार्ड से पूछताछ और CCTV भी खंगाले गए! Sandeep Maheshwari
Vivek Bindra के घर पुलिस पहुंची, सोसाइटी के गार्ड से पूछताछ और CCTV भी खंगाले गए! Sandeep Maheshwari
Morbi પુલ ઘટના બાબત અંગે રેન્જ આઇ.જી ની પ્રેસ યોજાઇ, @social media sandesh live india news #sms
Morbi પુલ ઘટના બાબત અંગે રેન્જ આઇ.જી ની પ્રેસ યોજાઇ, @social media sandesh live india news #sms