উজনি মাজুলী মিলন সংঘত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ প্ৰস্তুতিঃ বিভিন্ন জাতি-জনগোষ্ঠীৰ সন্মিলিত প্ৰচেষ্টাত উজনি মাজুলীৰ নতুন বজাৰত ১৯৭২ চনতে প্ৰতিষ্ঠা কৰা উজনি মাজুলী মিলন সংঘই গৌৰৱোজ্বল ৫১ সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে পৰিচালনা সমিতিয়ে৷ সংঘটিত পূৰ্বৰ পৰম্পৰা অটুত ৰাখি ৭ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা ৰাসোৎসৱত বৰ্ষত বিগত বৰ্ষবোৰৰ দৰে এইবছৰো অসমীয়া আৰু মিচিং ভাষাত ৰাসলীলা অনুষ্ঠিত হ’ব বুলি ৰাস উদযাপন সমিতিয়ে জানিবলৈ দিছে৷

এই বৰ্ষৰ ৰাসলীলাত অভিনয়ৰ বাবে অসমৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী প্ৰীতি কংগনাক আমন্ত্ৰণ কৰাৰ উপৰি মিচিং চলচিত্ৰ জগতৰ অভিনেত্ৰী মৌঃনাম স্মৃতি, অভিনেতা বাবা দলে, স্থানীয় বছা বছা শিল্পী আৰু কলা-কোশলীক  লৈ আৰম্বৰপূৰ্ণ ভাৱে ৰাসলীলা অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে মিলন সংঘটিৰ পৰিচালনা সমিতিয়ে৷ অন্যহাতে সত্ৰনগৰী মাজুলীৰ অন্যতম আধ্যাত্মিক উৎসৱ হিচাবে বিবেচিত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসোৎসৱলৈ মাজত মাথো কেইটিমান দিন বাকী থকাৰ প্ৰাকক্ষণত এতিয়া মাজুলীৰ সৰ্বত্ৰে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে৷

কংসৰ ৰাজ কাৰেং, গকুল-বৃন্দাবনৰ বিনন্দীয়া মনোমোহা পৰিৱেশৰ  লগতে আলোকেৰে সুশোভিত কৰি ন-ৰূপেৰে সজাই তোলা হৈছে সত্ৰ আৰু ৰংগমঞ্চসমূহ৷    সত্ৰপীঠখনৰ পঞ্চাশৰো অধিক ৰংগমঞ্চ আৰু সত্ৰত এতিয়া পুৱাৰে পৰা ৰাতি এপৰলৈকে চলিছে কংস বধৰ আখৰা৷