টিংখাঙৰ শলগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত মঙ্গলবাৰে অনুষ্ঠিত হয় এখন গাঁও সভা। উক্ত গাওঁ সভাত সভাপতিত্ব কৰে শলগুৰি পঞ্চায়তৰ সভানেটি সীমা চাংমাই। এই সভাত দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ''ৰ সৈতে সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰ লগতে প্ৰধানমন্ত্ৰীৰ অভিলাষী আচঁনি হৰ ঘৰ জল ৰ সন্দৰ্ভত আলোচনা কৰোঁ। উক্ত সভাত উন্নয়ন খণ্ডৰ বিষয়া, কৰ্মচাৰী,জন কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী ৰ লগতে স্থানীয় ব্যক্তি সকল উপস্থিত থাকে।