গোলাঘাটত দীপন্দিতা দিনাই ভয়াবহ অগ্নিকাণ্ড
অগ্নিকাণ্ডৰ জুইত সম্পূৰ্ণ ৰূপে জাহ গল এটা বাসগৃহ
গোলাঘাটৰ এৰেঙাপাৰত অবস্থিত জাবৰিলাল পুষৰাজ পেট্ৰল পাম্পৰ সমীপত আজি সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰদীপ শইকীয়া নামৰ এজন ব্যক্তিৰ ঘৰ সম্পূৰ্ণ ৰূপে জুইত জাহ যায়।
স্বৰ্ট চাৰ্কিটৰ ফলত সূত্ৰপাত ঘটা এই অগ্নিকাণ্ডৰ ফলত ঘৰ খনত ৰখা সোণৰ আ অলংকাৰৰ লগতে আৱশ্যকীয় নথিপত্ৰ আৰু অন্যান্য সামগ্ৰী জাহ যাই। এই অগ্নিকাণ্ডত প্ৰায় দুই লাখ টকাৰ সম্পত্তিৰ ক্ষতি হৈছে বুলি জানিব দিয়ে গৃহস্থই।