গোলাঘাটৰ ঢেকীয়ালত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ, গোলাঘাট জিলা শাখাৰ শিশু যুৱ আৰু আইমাতৃ সমাৰোহ।

গুৰুজনাৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে ঢেকীয়ালত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা সমাৰোহখনত অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগিতাৰ।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ঢেকীয়াল আঞ্চলিকৰ আতিথ্যত অনুষ্ঠিত সমাৰোহত দ্বিতীয় দিনা ধৰ্মধ্বজা উত্তোলনৰ পিছতেই মুকলি কৰা হয় ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা ৷