পাথৰিঘাট পৰিদৰ্শন বাংলাত ছিপাঝাৰ ডিজিটেল মিডিয়া ফ'ৰামৰ কাৰ্যনিৰ্বাহ সভা সম্পন্ন। ছিপাঝাৰ ডিজিটেল মিডিয়া ফ'ৰামৰ গুৰুত্বপূৰ্ণ সভা এখন পৰিদৰ্শন বাংলো,ঢ়পাথৰিঘাটত অনুষ্ঠিত হৈ যায়।

ছিপাঝাৰ ডিজিটেল মিডিয়া ফ'ৰামৰ সহকাৰী সম্পাদক জিতুমণি ভূঞাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখন সঞ্চালনা কৰে ফ'ৰামৰ সভাপতি কণ আলি হাজৰিকাই। সভাত ফ'ৰামৰ আগন্তুক দ্বি-বাৰ্ষিক অধিবেশন সম্পৰ্কে বিস্তৃত ভাৱে আলোচনা কৰা হয়।

উল্লেখযোগ্য যে ছিপাঝাৰ ডিজিটেল মিডিয়া ফ’ৰামৰ প্ৰথম দ্বি-বাৰ্ষিক সাধাৰণ সভাখন অহা ২৬ নৱেম্বৰত দেওমৰনৈত অনুষ্ঠিত হ’ব ৷