অসম লোক সেৱা আয়োগৰ সদ্য ঘোষিত ফলাফল অনুসৰি মৰাণৰ তিনিগৰাকী পৰীক্ষাৰ্থী ক্ৰমে দিবাংগনা মহন, বিশাল আই জে গগৈ আৰু আদিত্য বৰদলৈয়ে সফলতা লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ মৰাণ নতুন নগৰৰ নিবাসী মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক অজয় কুমাৰ মহন আৰু মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠা শিক্ষয়িত্ৰী জ্যোতি চাংমাই মহনৰ কন্যা দিবাংগনা মহনে অসামৰিক বিভাগ (এ চি এচ)ত ১৮ সংখ্যক স্থান লা ভ কৰিবলৈ সক্ষম হোৱাৰ লগতে মৰাণ নগৰৰ শান্তিপুৰ নিবাসী ইন্দ্ৰজিত গগৈ আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জিনা গগৈৰ পুত্ৰ বিশাল আই জে গগৈয়ে আৰক্ষী বিভাগ (এ পি এচ)ত ৩৪ সংখ্যক স্থান লাভ কৰিছে৷ উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত দিবাংগনা মহনে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অষ্টম স্থান দখল কৰাৰ বিপৰীতে বিশাল আই জে গগৈয়ে মৰাণ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সপ্তদশ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইফালে মৰাণৰ তিলৈজান চাহ বাগিচাৰ পৰিচালন সঞ্চালক দ্বিপেন কুমাৰ বৰদলৈ আৰু এনি বৰদলৈৰ সন্তান আদিত্য বৰদলৈয়ে আৰক্ষী বিভাগ (এ পি এচ)ত ৬২ সংখ্যক স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi Election 2025: कैश कांड के बाद Delhi में वोट युद्द, वोट कटवाने के आरोपों पर BJP की दो टूक
Delhi Election 2025: कैश कांड के बाद Delhi में वोट युद्द, वोट कटवाने के आरोपों पर BJP की दो टूक
Israel Hamas War के बीच पश्चिम से लेकर Middle East में ईरान कितना ताक़तवर (BBC Hindi)
Israel Hamas War के बीच पश्चिम से लेकर Middle East में ईरान कितना ताक़तवर (BBC Hindi)
তৰংঙ্গিনী নাট্য গোষ্ঠীৰ ভাওনা আখৰাত ব্যস্ত
গুৰুজনা জন্মজয়ন্তী উপলক্ষে ভাওঁনা ৰ আখৰাত ব্যস্ত হৈ পৰিছে বৰদলনি মহিলা শিল্পী সকল*।
পুৰুষৰ...
હજારો વર્ષથી પોથિયાના મુખમાંથી વહેતું જળ દ્વારા શિવલિંગ પર થાય છે જળ અભિષેક આ જળ ક્યાંથી આવે છે જુઓ
હજારો વર્ષથી પોથિયાના મુખમાંથી વહેતું જળ દ્વારા શિવલિંગ પર થાય છે જળ અભિષેક આ જળ ક્યાંથી આવે છે જુઓ