অসম লোক সেৱা আয়োগৰ সদ্য ঘোষিত ফলাফল অনুসৰি মৰাণৰ তিনিগৰাকী পৰীক্ষাৰ্থী ক্ৰমে দিবাংগনা মহন, বিশাল আই জে গগৈ আৰু আদিত্য বৰদলৈয়ে সফলতা লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ মৰাণ নতুন নগৰৰ নিবাসী মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক অজয় কুমাৰ মহন আৰু মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠা শিক্ষয়িত্ৰী জ্যোতি চাংমাই মহনৰ কন্যা দিবাংগনা মহনে অসামৰিক বিভাগ (এ চি এচ)ত ১৮ সংখ্যক স্থান লা ভ কৰিবলৈ সক্ষম হোৱাৰ লগতে মৰাণ নগৰৰ শান্তিপুৰ নিবাসী ইন্দ্ৰজিত গগৈ আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জিনা গগৈৰ পুত্ৰ বিশাল আই জে গগৈয়ে আৰক্ষী বিভাগ (এ পি এচ)ত ৩৪ সংখ্যক স্থান লাভ কৰিছে৷ উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত দিবাংগনা মহনে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অষ্টম স্থান দখল কৰাৰ বিপৰীতে বিশাল আই জে গগৈয়ে মৰাণ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সপ্তদশ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইফালে মৰাণৰ তিলৈজান চাহ বাগিচাৰ পৰিচালন সঞ্চালক দ্বিপেন কুমাৰ বৰদলৈ আৰু এনি বৰদলৈৰ সন্তান আদিত্য বৰদলৈয়ে আৰক্ষী বিভাগ (এ পি এচ)ত ৬২ সংখ্যক স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Oppo Reno 12 5G: 5000mAh बैटरी और कई दमदार फीचर्स के साथ आएगा ओप्पो का ये फोन
जानी मानी स्मार्टफोन कंपनी Oppo अपने कस्टमर्स के लिए नए फोन लाने की तैयारी कर रही है। हम oppo...
રાજય સરકારનો મહત્વનો નિર્ણય
રાજયની તમામ આરોગ્ય સંસ્થાઓમાં સીનિયર સીટીઝનોને અલાયદી સુવિધાઓ અપાશે
રાજયના વયોવૃધ્ધ-સીનિયર સીટીઝન નાગરિકોને આરોગ્યલક્ષી સુવિધાઓ સત્વરે મળી રહે એ માટે રાજ્યની તમામ...
प्रियंका गांधी वायनाड लोकसभा सीट से करेंगी चुनावी आगाज
प्रियंका गांधी का चुनावी राजनीति में उतरने का औपचारिक एलान हो ही गया। पिछले दस सालों से कांग्रेस...
ડીસામાં ટ્રાફિક પોલીસે પાંચ દિવસમાં 150 કારના કાચ પરથી બ્લેક ફિલ્મ દૂર કરાવી 30,000 ઉપર દંડ વસૂલ્યો
ડીસા ટ્રાફિક પોલીસ દ્વારા છેલ્લા 5 દિવસમાં 150 થી વધુ ફોરવિલ ગાડી ઉપરથી બ્લેક ફિલ્મ પટ્ટી...