মুম্বাইৰ উপকণ্ঠ অঞ্চল ৱাকোলাস্থিত এখন বিলাসী হোটেলক বোমাৰে উৰুৱাই দিব বুলি আৰক্ষীক ফোন কৰি ভাবুকি দিয়াৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শুকুৰবাৰে মুম্বাই আৰক্ষীৰ এগৰাকী বিষয়াই এই তথ্য প্ৰদান কৰে।

ভাবুকিভৰা এই ফোনটো বৃহস্পতিবাৰে নিশা ৮.৪৯ বজাত আহিছিল, আৰু তাৰ পিছত তদন্তকাৰী দলে কল ডিটেইল ৰেকৰ্ড (চিডিআৰ) আৰু মোবাইল টাৱাৰৰ ওপৰত ভিত্তি কৰি অভিযুক্তজনক আটক কৰাৰ অভিযান আৰম্ভ কৰিছিল।

বিষয়াগৰাকীয়ে কয়, ‘আমাৰ তদন্তত জানিব পৰা গৈছে যে অভিযুক্তজন সুৰাপায়ী আছিল আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা বোমা বিস্ফোৰণৰ ভাবুকি দিছিল। তেওঁৰ বিৰুদ্ধে বিকেচি আৰু ৱাকোলা আৰক্ষী থানাত এজাহাৰ ৰুজু কৰা হৈছে’।

উল্লেখ্য যে আন্ধেৰীৰ এটা মল, জুহুৰ এটা মাল্টিপ্লেক্স আৰু বিমানবন্দৰৰ সমীপৰ এখন হোটেলত বোমা বিস্ফোৰণৰ সন্দৰ্ভত মঙলবাৰে পুৱাই ১১২ নম্বৰ হেল্পলাইনত ফোন লাভ কৰে নভি মুম্বাই আৰক্ষীয়ে।

এই ঘটনা সন্দৰ্ভত আজাদ ময়দান আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল যদিও পিছত তদন্ত নৱী মুম্বাই আৰক্ষীলৈ হস্তান্তৰ কৰা হয়।