মানসিক ৰোগৰ চিকিৎসাৰ বাবে শান্তি সাধনা আশ্ৰম নাৰায়ণপুৰে স্থাপন কৰিছে এটা চিকিৎসা শিবিৰ৷ প্ৰতিমাহৰ তৃতীয় মংগলবাৰে মানসিক ৰোগীসকলৰ চিকিৎসা কৰিব পাৰিব এই শিবিৰটোত ৷ শান্তি সাধনা আশ্ৰমৰ সৌজন্যত লখিমপুৰ জিলা স্বাস্থ্য বিভাগৰ সহযোগত লখিমপুৰ জিলা সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মনোৰোগ বিশেষজ্ঞ চিকিৎসক ডা° সমিউল আখটাৰ বৰবৰাৰ তত্বাৱধানত প্ৰতিমাহে মানসিক ৰোগৰ চিকিৎসা কৰা হ’ব শিবিৰটোত৷

শান্তি সাধনা আশ্ৰমৰ সভাপতি ডা° অতুল খাউন্ড আৰু সম্পাদক বীৰেন বৰাৰ তত্বাৱধানত আশ্ৰমখনত নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়া শুভ উদ্ধোধন কৰে শিবিৰটো৷ নাৰায়ণপুৰৰ শান্তি সাধনা আশ্ৰমৰ কাৰ্যালয়ত প্ৰতিমাহৰ তৃতীয়টো মংগলবাৰে বিনামুলীয়াকৈ মানসিক ৰোগীসকলক চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হৈছে৷