সদ্য সমাপ্ত অসম যুৱ অলিম্পিক ২০২২ ত পদক আৰ্জন কৰি বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে আজি বিশ্বনাথ জিলা ক্ৰিয়া সন্থাই এখন সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ বিশ্বনাথ নগৰস্থিত বাকৰিত।

অসম অলিম্পিকৰ Tang Soo Do ইভেণ্টত পোন প্ৰথমবাৰৰ বাবে বিশ্বনাথ জিলাৰ হৈ প্ৰতিনিধিত্ব অংশগ্ৰহণ কৰি দুটাকৈ পদক আৰ্জন কৰিবলৈ সক্ষম হোৱা খেলুবৈ ৰিছি সোনাৰী আৰু ৰাহুল ফাংচোক সম্বৰ্ধনা জনাই বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা। কেবল এই খেলুবৈ সকলকৰ নহয়,উক্ত দলটোৰ টিম মেনেজাৰ সুৰজিত বৰুৱা আৰু এই খেলুবৈ সকলক প্ৰশিক্ষন প্ৰদান কৰি ভাল খেলুবৈ হিচাপে গঢ় দিয়া প্ৰশিক্ষক নিহাৰ শইকীয়াকো সম্বৰ্ধনা জনোৱা হয়।

এইফালে উক্ত অনুষ্ঠানতে বিশ্বনাথ জিলাৰ হৈ অসম অলিম্পিকত ওছো প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি ২২ টাকৈ পদক কৰিয়াই অনা ওছো খেলুবৈ সকলক আৰু প্ৰশিক্ষক সকলোকো সম্বৰ্ধনা জ্ঞাপন কৰে বিশ্বনাথ জিলা ক্ৰীড়া সন্থাই।উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিশ্বনাথ জিলাৰ ক্ৰীড়া সন্থাৰ সভাপতি তথা বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু জিলা ক্ৰীড়া সন্থাৰ বিভিন্ন বিষয়ববীয়াই অংশ গ্ৰহণ কৰে ।