জেষ্ঠ ভাতৃৰ সকিয়নীক কেনেদৰে গ্ৰহণ কৰিব গৃহাশ্ৰ্মী সত্ৰীয়া জনাৰ্দ্দন দেৱ গোস্বামীয়ে
জনাৰ্দ্দন দেৱ গোস্বামীৰ ওপৰত গোচৰ
নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ তিনিজন মহাপুৰুষৰ আবিৰ্ভাৱ হৈছিল শ্ৰী শ্ৰী হৰিদেৱ আতাপুৰুষ , শ্ৰীমন্ত শংকৰদেৱ আৰু দেৱ ডামোদৰ দেৱ। আমি দেৱ ডামোদৰৰ আজ্ঞা মতেই শ্ৰী শ্ৰী বনমালী দেৱে শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল। পৰম্পৰাগত হিচাপে আমি ডামোদৰিয়া পন্থাৰ সত্ৰ। কিন্তু এতিয়া সমগ্ৰ অসমতে প্ৰশ্ন উত্থাপিত হৈছে দক্ষিণপাট সত্ৰই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক মানে নে নামানে সেই সম্পৰ্কত নিয়মীয়া বাৰ্তাৰ এই প্ৰতিবেদকে সোধা প্ৰশ্নৰ উত্তৰত সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে কয় যে যি জন সৰ্বগুণাকৰ , যাক সমগ্ৰ অসমে জগত গুৰু চিহ্নিত কৰিছে তেখেতক যদি কোনো অসমীয়াই নামানো বুলি কয় তেনে তেওঁক অসমীয়া ৰাইজৰ লগত ৰাখি লাভ নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অৱিহনে অসমীয়া জাতি সত্তা জীয়াই থাকিব নোৱাৰে। শংকৰদেৱৰ পৰম্পৰাক ধৰি ৰাখিছে প্ৰতিজন অসমীয়াই । আনহাতে সত্ৰাধিকাৰ গৰাকীয়ে কয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত বৰগীত পুথি শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰত সংৰক্ষিত হৈ আছে। মহাপুৰুষ শংকৰদেৱে যি ভাগ পুথি চাই ভাগৱত ৰচনা কৰিছিল সেইভাগ পুথি আমাৰ দক্ষিণপাট সত্ৰত আজিও পুজিত হৈ আছে। শংকৰদেৱৰ বহু পুথি আমাৰ সংগ্ৰাহলয়ত সংৰক্ষিত হৈ আছে। আমি মহাপুৰুষ জনাৰ বিন্দাবনী বস্ত যেতিয়া শুভাৰম্ভ কৰিব বিচাৰিছিলো দক্ষিণপাট সত্ৰই গুৰু আসন প্ৰতিষ্ঠা কৰি সত্ৰ মহাসভাৰ মাজুলীৰ সম্পাদক পুতুল মহন্তই শংকৰদেৱৰ পৰম্পৰাৰে নাম প্ৰসংগ কৰি আমি গুৰুজনাক সন্মান কৰি আমি বস্ত ভাগ প্ৰতিষ্ঠা কৰিছিলো। আমি শংকৰদেৱক নমনা বুলি আমি উত্তৰ দিব নোখোজো। পৰম্পৰা অনুসৰি দক্ষিণপাট সত্ৰত গৃহস্তি জনাক গৃহস্তি বা বাজৰ জনা বুলি কোৱা হে হয়। ভিন্ন সত্ৰধিকাৰ প্ৰতিষ্ঠিত হোৱা আমাৰ সত্ৰত পৰম্পৰা নাই। কিন্তু যেতিয়া সত্ৰ মহা সভালৈ তেওঁ যাব লগীয়া হোৱাত সত্ৰধিকাৰ হিচাপে তেওঁলোকে হয়তো তেওঁক চিহ্নত কৰিলে দ্বিতীয়তে অসম চৰকাৰে যি অনুদান দিয়ে সেই অনুদান দিব লগীয়া হোৱাৰ বাবে হয়তো তেওঁক সত্ৰধিকাৰ শব্দটো প্ৰয়োগ কৰিছিল।। তেখেতৰ লগত আমাৰ সম্পৰ্ক বা কৰ্তব্য হল দক্ষিণপাট মূল সত্ৰৰ বাবে সত্ৰাধিকাৰ প্ৰস্তুত কৰা আৰু তেজৰ হিচাপে তেওঁ মোৰ দ্বিতীয় জ্যেষ্ঠ ভাতৃ। অন্যহাতে সংবাদ মাধ্যমৰ আগত তেখেতে নিজৰ বাক স্বাধীনতা আছে বুলি কয় । আৰু তেখেত বিশ্ব হিন্দু মহা সংঘ অসমৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। গতিকে তেওঁ হিন্দু ক সুৰক্ষা দিয়াটো কাম্য হিচাপে ভাবি যি মন্তব্য দিয়ে তাৰ বাবে আমি সত্ৰ জগৰীয়া নহওঁ। তেও নিজেই যি কৈছে তেওঁৰ নিজৰ ব্যক্তিগত মত । তথাপি তেও দক্ষিণপাট গৃহাশ্ৰমি সত্ৰত বাস কৰি আছে সেই বাবে কালি তেখেতক সত্ৰলৈ মাতি আনি এখন বৈষ্ণৱ সভাৰ যোগেদি তেখেতক সতৰ্ক কৰি দিয়া হৈছে ৷ তেওঁৰ এই মন্তব্য যাতে সত্ৰ লজ্জিত হোৱা বা অসম আৰু অসমীয়াৰ ক্ষতি হোৱা মন্তব্য নকৰে তাৰ বাবে সকীয়াই দিছো বুলি মন্তব্য কৰে ১৫৭৬ শকত প্ৰতিস্থিতত শ্ৰী শ্ৰী দক্ষিণপাত গৃহাশ্ৰ্মী সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীয়ে ৷