হোজাই জিলাত চাৰিদিনীয়াকৈ আজিৰে পৰা হোজাইত আৰম্ভ হৈছে গুণোৎসৱ।হোজাই জিলাৰ বিদ্যালয়সমূহত পুনৰ অনুষ্ঠিত হ'ব গুণোৎসৱ । আজিৰেপৰা আৰম্ভ হৈছে । অহা ০৬ আগস্টলৈ অনুষ্ঠিত হ'ব লগীয়া গুণোৎসৱৰ হোজাইত বিদ্যালয় সমূহত আৰম্ভ হৈছে ।

বানপানীৰ ত্রাসৰ পাছত গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে হোজাই জিলাৰ শিক্ষা বিভাগ । বিগত সময়চোৱাত বানৰ পৰিস্থিতিৰ বাবে বিদ্যালয়সমূহ বন্ধ হৈ আছিল । বৰ্তমান নিয়মীয়াকৈ পাঠদান চলি আছে । সেয়ে গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে হোজাই জিলা প্ৰশাসনে উল্লেখ যে ২৩ মে'ৰ পৰা ২৬ মে' লৈ দ্বিতীয় পৰ্যায়ত হোজাই জিলাত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও । এইবাৰ দ্বিতীয়টো বানত হোজাই জিলাখনত বাছি সংখ্যক বিদ্যালয় বানৰ কবলত পৰাত গুণোৎসৱ হোজাই জিলা খনত স্থগিত ৰখা হৈছিল। বৰ্তমানে বানৰ পৰিস্থিতিৰ সাম কটাৰ বাবে আৰু নিয়মীয়াকৈ পাঠদান চলি থকাত গুণোৎসৱ আৰম্ভ হৈছে ।

হোজাইত যোগিজান শিক্ষা খণ্ডৰ BEO প্ৰণৱ কুমাৰ বৰাই এই সন্দৰ্ভত মন্তব্য কৰাৰ লগতে হোজাইৰ আব্দুল হাচিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ মন্তব্য কৰে ।