বিজেপি চৰকাৰৰ দিনৰ বিতৰ্কিত শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ প্ৰাপ্য ইউনিফৰ্মজোৰকে দিব নোৱাৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছে। 

দলটোৱে এক প্ৰেছ বিবৃতিত অসম চৰকাৰৰ শিক্ষা বিভাগক অকৰ্মণ্য আৰু কাণ্ডজ্ঞানহীন বুলি অভিহিত কৰি অসমৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি ন্যায় প্ৰদান কৰিবলৈ দাবী জনায় অসম তৃণমূল কংগ্ৰেছে। 

বিবৃতিটোত টিএমচিয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মুঠ ২৬৫ কোটি টকাৰ পুঁজি আবণ্টনৰ পাছতো ৰাজ্যখনৰ ৫০ লক্ষ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাপ্য ইউনিফৰ্মজোৰকে নোপোৱাটো লজ্জাজনক বিষয়। 

তৃণমূল কংগ্ৰেছৰ প্ৰশ্ন, “প্ৰয়োজনীয় পুঁজি থকাৰ পাছতো কি ৰহস্যজনক কাৰণত সৰ্বশিক্ষা অভিযান মিছনে যোৱা ১৩ এপ্ৰিলত ইতিমধ্যে যোগান ধৰা পুঁজি খৰচ নকৰিবলৈ নিৰ্দেশনা দিলে? শিক্ষাৰ অধিকাৰ আইনৰ পৰিপন্থী কাম কৰি অসমৰ ছাত্ৰ-ছাত্ৰীসকলক ইউনিফৰ্মৰ পৰা বঞ্চিত কৰাৰ অধিকাৰ ক'ত পালে শিক্ষা বিভাগে।” 

তৃণমূল কংগ্ৰেছে লগতে অভিযোগ কৰি কয় যে ৰাজ্য পৰিচালনাত চৰম বিত্তীয় সংকটত ভোগা ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ইচ্ছাকৃতভাৱেই ইউনিফৰ্মৰ নামত ধনখিনি খৰচ কৰাৰ ক্ষেত্ৰত গোপন নিৰ্দেশনা দি সৰ্বশিক্ষা অভিযান মিছনৰ জৰিয়তে এয়া ওলোমাই ৰাখিছে যাতে প্ৰয়োজনত ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ নামত অনুমোদিত ধন ৰাজ্য পৰিচালনাত খৰচৰ বাবে পুনৰ ওভোতাই আনিব পাৰে। 

ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্মজোৰকে দিব নোৱাৰা চৰকাৰখন আকৌ কিহৰ চৰকাৰ? এয়া চৰকাৰ নে কিবা ৰং-ধেমালি বিজেপিয়ে আমাক উত্তৰ দিয়ক'-তৃণমূলৰ দাবী।