গুৱাহাটীৰ নাৰেংগী বিদ্যামন্দিৰ স্কুলত সংঘটিত হৈছে এক অঘটন। বিদ্যালয়খনত তৃতীয় শ্ৰেণীত অধ্যয়ণৰত এগৰাকী ছাত্ৰীৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিদ্যালয়ৰ প্রাতঃ সভা শেষ কৰি শ্ৰেণী কোঠাত বহি থকা সময়তে হঠাৎ অচেতন হৈ ঢলি পৰিছিল ছাত্ৰী গৰাকী।

লগে লগে ছাত্ৰী গৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ছাত্ৰী গৰাকী ৮ বছৰীয়া তৃষা কলিতা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, মহানগৰীৰ গীতামন্দিৰত ঘৰ ছাত্ৰী গৰাকীৰ। মহানগৰীৰে এখন ব্যক্তিগত হাস্পতালত মৃত্যু হৈছে ছাত্ৰী গৰাকীৰ।

কি কাৰণত ছাত্ৰী গৰাকীৰ মৃত্যু হ’ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।