সমগ্ৰ ৰাজ্যজুৰি আজি কৃষিজীৱি অসমীয়াৰ কৃষ্টি আৰু পৰম্পৰাৰ অনন্য অংশস্বৰূপ, বাপতিসাহোন তিনিটা বিহুৰ অন্যতম কাতি বিহু পালন কৰা হৈছে।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

ৰাজ্যৰ আন প্ৰান্তৰ লগতে ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়তো আজি পালন কৰা হয় কাতি বিহু।

বিশ্ববিদ্যালয়খনৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ বাকৰিত 'সমলয়'ৰ উদ্যোগত তথা বিভাগটোৰ ন-পুৰণি শিক্ষাৰ্থীসকলৰ সহযোগত ব্যতিক্ৰমীৰূপত পালন কৰা হয় কাতি বিহু।

বিগত প্ৰায় পাঁচবছৰৰ পৰা সমলয়ৰ উদ্যোগত গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্ৰাক্তন তথা বৰ্তমানৰ শিক্ষাৰ্থীসকলে এইদৰে কাতি বিহু পালন কৰি আহিছে।

আজিৰ এই কাতি বিহু পালন কাৰ্যসূচীত কেইবাজনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী যি ৰাজ্যখনৰ আগশাৰীৰ সংবাদ মাধ্যমত সংবাদকৰ্মী ৰূপে কৰ্মৰত আৰু বিশ্ববিদ্যালয়ৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।